কোকৰাঝাৰত আৰম্ভ ১০০ দিনীয়া তীব্ৰ যক্ষ্মা নিৰ্মূলকৰণ অভিযান….

কোকৰাঝাৰস্থিত স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় প্ৰাংগনত "নিক্ষয় বাহন" মুকলিৰে আজি এই অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য সেৱা সঞ্চালক ড: উমেশ ফাংছুৱে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত শনিবাৰৰে পৰা আৰম্ভ হৈছে ১০০ দিনীয়া তীব্ৰ যক্ষ্মা নিৰ্মুলকৰণ অভিযান। কোকৰাঝাৰস্থিত স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় প্ৰাংগনত "নিক্ষয় বাহন" মুকলিৰে আজি এই অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য সেৱা সঞ্চালক ড: উমেশ ফাংছুৱে।

এই সন্দৰ্ভত কোকৰাঝাৰ জিলা যক্ষ্মা বিষয়া ড: কৌশিক দাসে সদৰি কৰা মতে নিক্ষয় বাহনে জিলাখনত থকা প্ৰতিটো স্বাস্থ্যকেন্দ্ৰ পৰিভ্ৰমন কৰিব আৰু এই অভিযানত বহু লোকক সাঙুৰি লোৱা হ'ব । জিলাখনত জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে নতুনকৈ ২০৯৫ গৰাকী লোক যক্ষ্মাত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰি কয় যে এইবাৰৰ ১০০ দিনীয়া তীব্ৰ টিবি নিৰ্মূলকৰণ অভিযানে চাহবাগান অঞ্চল, অতি ভিতৰুৱা ঠাই, ৬০ বছৰৰ উৰ্ধৰ লোক, মধুমেহ ৰোগী সকলোকো সাঙুৰি লব ।

যক্ষ্মা ৰোগত আক্ৰান্ত হলে বিভাগীয় ৰোগীক পুষ্টিকৰ আহাৰৰ বাবদ ১০০০ টকাকৈ দিয়া হয় বুলি মন্তব্য কৰি যক্ষ্মা ৰোগৰ চিকিৎসা আৰু ঔষধ সম্পূৰ্ণ বিনামুলীয়া বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলা যক্ষ্মা বিষয়া ড: কৌশিক দাসে ।

কোকৰাঝাৰ