/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8b96ee63-4b57-46fd-9231-bb6d57bc316c/uttarakhand_07.jpg)
uttarakhand
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ বৰফাবৃত্ত পৰ্বতৰ বুকুত হেৰাই যোৱা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিংৰ পৰ্বতাৰোহণৰ প্ৰশিক্ষাৰ্থীসকলৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান। ২ অক্টোবৰত ভয়াবহ হিমস্খলনৰ ফলত উত্তৰকাশীৰ হিমালয়ৰ বুকুত আৱদ্ধ হৈ পৰিছিল প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থীসকল।
২ গৰাকী প্ৰশিক্ষক আৰু ২৭ গৰাকী প্ৰশিক্ষাৰ্থীৰ সৈতে মুঠ ২৯ গৰাকীকৈ লোক এই হিমস্খলনৰ পাছত উত্তৰকাশীৰ হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা-২ শৃংগত সন্ধানহীন হৈছিল। এই ঘটনাৰ পিছতেই ৪ অক্টোবৰৰ দিনাই উদ্ধাৰ অভিযান চলাই ২ জন প্ৰশিক্ষক আৰু ২ গৰাকী প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ পিছত ৬ অক্টোবৰলৈ উদ্ধাৰ কৰা হয় মুঠ ১২ জনৰ মৃতদেহ। ইয়াৰ পিছত পুনৰ উদ্ধাৰ কৰা হয় আন ৩ জনৰ মৃতদেহ। অৰ্থাত এই পৰ্যন্ত উদ্ধাৰকাৰীয়ে মুঠ ১৯ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
এতিয়াও বৰফাবৃত্ত পৰ্বতৰ বুকুত সন্ধানহীন হৈ আছে ১০ জনকৈ প্ৰশিক্ষাৰ্থী। যি ১০ গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত আছে অসমৰ দীপশিখা হাজৰিকাও। নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং উত্তৰকাশীৰ ফালৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি সন্ধানহীন হৈ থকা এই প্ৰশিক্ষাৰ্থীসকলৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং, ভাৰতীয় সেনা, আই টি বি পি, হাই এলটিটিউট ৱাৰফেয়াৰ স্কুল, ভাৰতীয় বায়ু সেনা, ৰাজ্যিক ডিজেষ্টাৰ ৰেছপনচ ফ'ৰ্চ আৰু জিলা প্ৰশাসন।