ভয়ানক ছুনামিৰ কৱলত জাপান, ৰাছিয়াঃ চীন, আমেৰিকাতো পৰিছে প্ৰভাৱ

ৰিখটাৰ স্কেলত ৮.৮ প্ৰাবল্যৰ ভূমিকম্পই পূৱ ৰাছিয়াৰ কামটাকা উপদ্বীপক জোকাৰি যোৱাৰ পিছতে এতিয়া আংশকা অনুসৰিয়েই জাপান, ৰাছিয়াত ছুনামিয়ে আঘাত কৰিছে।

author-image
Asomiya Pratidin
New Update
ভয়ানক ছুনামিৰ কৱলত জাপান, ৰাছিয়াঃ চীন, আমেৰিকাতো পৰিছে প্ৰভাৱ

ডিজিটেল ডেস্কঃ ৰিখটাৰ স্কেলত ৮.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল পূৱ ৰাছিয়াৰ কামটাকা উপদ্বীপ। সেই ভূমিকম্পৰ পিছতে জাৰি কৰা হৈছিল ছুনামিৰ সতৰ্কতা। সেই আংশকা অনুসৰিয়েই এতিয়া জাপান, ৰাছিয়াত ছুনামিয়ে আঘাত কৰিছে। একেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰতো ইয়াৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। 

খবৰ অনুসৰি জাপানৰ হোকাইডোৰ উপকূলীয় অঞ্চল আৰু ৰাছিয়াৰ পূৱ উপকূলৰ কুৰিল দ্বীপপুঞ্জত আঘাত কৰিছে ছুনামিয়ে। এই ছুনামিৰ প্ৰকোপৰ ফলত বহু কেইজন লোক আহত হৈছে। 

ইতিমধ্যে জাপান চৰকাৰে সতৰ্কতাবাণী জাৰি কৰি কৈছে যে, ছুনামিৰ ফলত সাগৰৰ ঢৌৱে বাৰে বাৰে আঘাত কৰিব পাৰে। ঢৌৰ উচ্চতা প্ৰথমে ৩ মিটাৰ পৰ্যন্ত উঠিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছিল যদিও শেহতীয়াকৈ ছুমানিৰ ফলত প্ৰশান্ত মহাসাগৰত ঢৌৰ উচ্চতা ১৩ ফুট পৰ্যন্ত হ'ব বুলি অনুমান কৰা হৈছে। ছুনামিৰ প্ৰভাৱত পৰা উপকূলীয় অঞ্চলৰ পৰা সকলো বাসিন্দাক স্থানান্তৰ কৰা হৈছে। 

সতৰ্কবাণী প্ৰত্যাহাৰ নোহোৱালৈকে সেই অঞ্চলসমূহত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। জাপানৰ ফুকচিমা পাৰমাণৱিক শক্তি কেন্দ্ৰও খালী কৰা হৈছে। আনহাতে চীনৰ কিছু অংশৰ বাবেও ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আমেৰিকাতো ছুনামিৰ প্ৰভাৱ পৰাৰ আশংকা আছে।

৮.৮ প্ৰাবল্যৰ এই ভূমিকম্পৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ এক্স পূৰ্বৰ টুইটাৰ হেণ্ডেলত সতৰ্কবাণী জাৰি কৰি লিখিছে, ‘প্ৰশান্ত মহাসাগৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে হাৱাইৰ বাসিন্দাসকলৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আলাস্কা আৰু আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। জাপানো আক্ৰান্ত হ’ব পাৰে। আনুষংগিক সকলো তথ্যৰ বাবে অনুগ্ৰহ কৰি https://tsunami.gov চাওক। শক্তিশালী হৈ থাকক আৰু নিৰাপদে থাকক!'

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি আভাচা উপসাগৰৰ উপকূলীয় চহৰ পেট্ৰ’পাভল’ভস্ক-কামচাটস্কিৰ পৰা পূব আৰু দক্ষিণ-পূবত ১২৫ কিলোমিটাৰ দূৰত্বত আৰু ভূগৰ্ভৰ ১৯.৩ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। প্ৰথমে এই ভূমিকম্পৰ প্ৰাবল্য ৮ বুলি কোৱা হৈছিল যদিও পিছত ৮.৮ বুলি নিশ্চিত কৰা হয়। 

জাপান আমেৰিকা ৰাছিয়া চীন