/asomiyapratidin/media/media_files/2025/07/05/323-2025-07-05-20-07-26.jpg)
ডিজিটেল ডেস্ক : মাতৃভাষাই এটা জাতি তথা এখন সমাজৰ অস্তিত্ব, গাঁথা, বেথা, সাহিত্য, সংস্কৃতি আদি সকলো দিশক প্ৰতিনিধিত্ব কৰে। ভাষাই মানুহক মানুহৰ ওচৰলৈ লৈ যায়। ভাষাৰ মাধ্যমেৰেই আপোনত্ব লাভ কৰে মানুহে। আইৰ মুখৰ ভাষাক লৈ কোনো লোকেই নকৰে আপোচ !
মহাৰাষ্ট্ৰৰ মাৰাঠী লোকসকলৰ অন্তৰত নিহিত হৈ থকা জাতীয়তাবাদী চিন্তা- চেতনাৰ কথা সকলোৱে জানে। বিখ্যাত ঠাকৰে পৰিয়ালৰ পৰাই জাতীয়তাবাদে লাভ কৰা বিশেষ গতিৰ কথাও দেশৰ সকলোৱে জ্ঞাত।
অতি শেহতীয়াকৈ ৰাজ্যখনত মাৰাঠী ভাষাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক বিতৰ্কৰ। মাৰাঠী ভাষা সন্দৰ্ভত সামাজিক মাধ্যমত এটি বিশেষ মন্তব্য কৰি বিপদত পৰিছে বিনিয়োগকাৰী সুশীল কেডিয়া। তেওঁ কৈছিল যে, মই ৩০ বছৰ মুম্বাইত থাকিও মাৰাঠী শিকিব নোৱাৰিলো।
বিনিয়োগকাৰী কোডিয়াৰ এই মন্তব্যৰ পাছতে ক্ষোভত জ্বলি উঠে ৰাজ্যখনৰ একাংশ লোক। ক্ষোভিত জনতাই আনকি কোডিয়াৰ ৱাৰ্লিস্থিত কাৰ্যালয়ত উপস্থিত হৈ শিলগুটি নিক্ষেপ কৰাৰ উপৰি কাৰ্যালায়ৰ সা- সম্পত্তি লণ্ড-ভণ্ড কৰে।
কেৱল ইমানেই নহয়, উত্তেজিত জনতাই কোডিয়াক সকিয়নী পৰ্যন্ত দিয়ে। ‘ব্যৱসায় কৰিবলৈ আহিছে ব্যৱসায় কৰক। আমাৰ অভিভাৱকৰ দৰে কাম নকৰিব ইয়াত। মাৰাঠী ভাষা শিকিব নোৱাৰিলো বুলি কৈ গৰ্ব নকৰিব। ইয়াত ব্যৱসায় কৰিব লাগিলে মাৰাঠী ভাষা শিকিবই লাগিব। অনাহকত ভাষাক লৈ এনে মন্তব্য নকৰিব। অন্যথা পৰিস্থিতি বিষম হ’ব।‘
অৱশ্যে এই পৰিস্থিতিৰ পাছতে কোডিয়াই সামাজিক মাধ্যমযোগে তেওঁৰ বক্তব্য দাঙি ধৰে। তেওঁ আন এটি পোষ্টৰ জৰিয়তে উল্লেখ কৰে যে, "মই মাৰাঠী লোকসকলৰ আবেগ অনুভৱ কৰিব পাৰিছো। মই কৰা এই মন্তব্য প্ৰত্যাহাৰ কৰিছো।
আপোনালোকৰ মানিসিক চাপৰ কথাও মই অনুধাৱন কৰিছো । মই ৰাজ ঠাকৰেজীক অনুৰোধ কৰিছো যে, মোৰ এই ভুলৰ বাবে যেন ক্ষমা কৰি দিয়ে যেন।" হয়তো ইয়াকে কয়- কথাত কটা যায়, কথাত বঁটা পায়...
Do note @RajThackeray I dont know Marathi properly even after living for 30 years in Mumbai & with your gross misconduct I ahve made it a resolve that until such people as you are allowed to pretend to be taking care of Marathi Manus I take pratigya I wont learn Marathi. Kya…
— Sushil Kedia (@sushilkedia) July 3, 2025