/asomiyapratidin/media/media_files/2025/04/26/yMLKgZBYcE9OnC8NJiEZ.jpg)
যুদ্ধ বন্ধ কৰিব নিবিচাৰে পুটিনে
ডিজিটেল ডেস্ক : ভেটিকান চহৰত পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচত অনুষ্ঠিত হয় এই বৈঠকখন।
বৈঠকত ৰাছিয়া- ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত কেইবাটাও প্ৰসংগত আলোচনা কৰে দুয়োখন দেশৰ ৰাষ্ট্ৰপতিয়ে। আলোচনাকালত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক কেইবাটাও প্ৰশ্ন কৰে।
তাৰোপৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ সম্পৰ্কতো মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এক সাক্ষাতকাৰত এই বিষয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে, তেওঁ যুদ্ধ বন্ধ কৰিব নিবিচাৰে। তাৰ বিপৰীতে দুয়োখন দেশৰ পৰিস্থিতি সম্পৰ্কত পুনৰ আলোচনা তথা মোকাবিলা কৰিবহে বিচাৰে।
তাৰোপৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰশ্নৰ আঁত ধৰি জেলেনস্কিয়ে লগতে কয়- “উল্লেখিত কথাখিনিৰ ইয়াৰ পৰাই ইয়াকে স্পষ্ট হয় যে, আচলতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কি বিচাৰে।“ উল্লেখযোগ্য যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কোনো পূৰ্বচৰ্ত অবিহনে এই আলোচনাৰ বাবে প্ৰস্তুত বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰে জেলেনস্কিয়ে।