'কুৰ্স্ক অঞ্চলৰ ভূখণ্ড অতি সোনকালে শত্ৰুৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব' : পুটিন

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে তেওঁৰ প্ৰশাসনে হাতত লোৱা যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ নকৰিলে “ভয়ংকৰ” অৰ্থনৈতিক পৰিণতিৰ হ'ব বুলি সকিয়াই দিয়ে ৰাছিয়াক। অৱশ্যে ৰাছিয়াক সকীয়নি দিলেও যুদ্ধবিৰতিক লৈ ট্ৰাম্প আশাবাদী।

author-image
Asomiya Pratidin
New Update
ৰাছিয়াক সকীয়নি, পুটিনৰ কুৰ্স্ক ভ্ৰমণ

ৰাছিয়াক সকীয়নি, পুটিনৰ কুৰ্স্ক ভ্ৰমণ

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে তেওঁৰ প্ৰশাসনে হাতত লোৱা যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ নকৰিলে “ভয়ংকৰ” অৰ্থনৈতিক পৰিণতিৰ হ'ব বুলি সকিয়াই দিয়ে ৰাছিয়াক। অৱশ্যে ৰাছিয়াক সকীয়নি দিলেও যুদ্ধবিৰতিক লৈ ট্ৰাম্প আশাবাদী। ট্ৰাম্পৰ মতে, ৰাছিয়াক হেঁচা প্ৰয়োগ কৰাটো প্ৰয়োজনীয় নহ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিক যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ সৈতে “গেম খেলিবলৈ” দিয়া নহ’ব বুলি উল্লেখ কৰিছে আমেৰিকাই। উল্লেখযোগ্য যে, আমেৰিকাৰ মধ্যস্থতাত ছৌদি আৰৱত হোৱা বৈঠকৰ পাছতে ইউক্ৰেইনে ৩০ দিনীয়া যুদ্ধ বিৰতিত সন্মতি প্ৰকাশ কৰিছিল। তাৰ পাছতে এই যুদ্ধ বিৰতিৰ প্ৰস্তাৱত সন্মত হৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। কিন্তু যুদ্ধ বিৰতিৰ বাবে ভ্লাদিমিৰ পুটিনে বান্ধি দিছিল কেইবাটাও চৰ্ত।

Advertisment

ইয়াৰ পাছতে শনিবাৰে প্ৰথমবাৰৰ বাবে কুৰ্স্ক ভ্ৰমণ কৰিলে ভ্লাদিমিৰ পুটিনে। ২০২৪ চনৰ আগষ্ট মাহত ইউক্ৰেইনে ৰাছিয়াৰ অঞ্চলটো আংশিকভাৱে আক্ৰমণ কৰাৰ পিছত এইয়া পুটিনৰ প্ৰথম কুৰ্স্ক ভ্ৰমণ। উল্লেখযোগ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ বিবাদৰ অন্যতম এটা ক্ষেত্ৰ হৈছে কুৰ্স্ক। য’ত যোৱা বছৰ ইউক্ৰেইনে সামৰিক আক্ৰমণ চলাইছিল। এই সময়ছোৱাত ইউক্ৰেইনে কিছুমান অংশ দখল কৰি আছে।

ৰাছিয়ান সেনাই যোৱা পাঁচ দিনত ২৪টা বসতি পুনৰ দখল কৰা বুলি দাবী কৰাৰ পিছত কুৰ্স্কক সম্পূৰ্ণ মুক্ত কৰাৰ দিশে আগবাঢ়িছে। সংবাদ মাধ্যমৰ সন্মুখত পুটিনে কয়, ‘আমাৰ ইউনিটসমূহৰ সন্মুখত থকা সকলো যুদ্ধৰ কাম সম্পূৰ্ণ হ’ব আৰু কুৰ্স্ক অঞ্চলৰ ভূখণ্ড অতি সোনকালে শত্ৰুৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব।'

ইউক্ৰেইন ৰাছিয়া যুদ্ধ ভ্লাদিমিৰ পুটিন ড’নাল্ড ট্ৰাম্প