/asomiyapratidin/media/media_files/2025/08/03/8e857b58-4c4a-45ec-8fef-b33a068e80cb-2025-08-03-09-01-30.jpg)
ডিজিটেল ডেস্কঃভাৰতৰ কূটনৈতিক অৱস্থান বনাম ড’নাল্ড ট্ৰাম্পক লৈ ভাৰতীয় সংসদৰ ভিতৰে-বাহিৰে চলি থকা চৰ্চাৰ মাজতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছতে আমেৰিকাত ভাৰতীয় বিতাড়নৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে।
'দ্য টাইমছ অৱ ইণ্ডিয়া’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বাইডেন প্ৰশাসনৰ দিনত প্ৰতিদিনে গড়ে ৩ জন ভাৰতীয়ক আমেৰিকাই বিতাড়ন কৰিছি, কিন্তু এতিয়া এই সংখ্যা ট্ৰাম্পৰ শাসনত ৮ জনলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে, ২০২০ চনৰ নিৰ্বাচনত পৰাজয়ৰ পিছত কেপিটেল হিলত হোৱা হিংসাত্মক উত্তাল পৰিস্থিতিৰ চাৰি বছৰৰ পাছত ট্ৰাম্পৰ ৰাজনৈতিক প্ৰত্যাৱৰ্তনক আমেৰিকাৰ ইতিহাসৰ অন্যতম বৃহৎ পৰিঘটনা হিচাপে দেখা গৈছিল।
নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু হিচাপে পৰিচিত ট্ৰাম্পৰ এই প্ৰত্যাৱৰ্তনে ভাৰতৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিব বুলি ভৱা হৈছিল যদিও শেষত সেয়া গৰলৈহে পৰিণত হোৱা পৰিলক্ষিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাইলৈ মুঠ ১৭০৩ জন ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে।
এম ই এৰ তথ্যত এইটোও কোৱা হৈছে যে এই বিতাড়িত লোকসকলৰ ৯০ শতাংশই ভাৰতৰ পাঁচখন ৰাজ্যৰ। ইয়াৰে ৬২০ জন পঞ্জাৱৰ, ৬০৪ জন হাৰিয়ানাৰ, ২৪৫ জন গুজৰাটৰ, ৩৮ জন উত্তৰ প্ৰদেশৰ আৰু ২৬ জন গোৱাৰ। এই বছৰ বিতাড়িত মুঠ ১৭০৩ জন ভাৰতীয়ৰ ভিতৰত ৩৩৩ জন ভাৰতীয়ক উপৰি ২৩১খন আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (আইচিই)ৰ এনফৰ্চমেণ্ট এণ্ড ৰিমুভেল অপাৰেচনৰ দ্বাৰা পৰিচালিত চাৰ্টাৰ্ড বিমানত প্ৰেৰণ কৰা হৈছিল।
তদুপৰি গৃহ নিৰাপত্তা বিভাগৰ (ডি এইচ এছ) চাৰ্টাৰ্ড বিমানত ৩০০ জনকস; পানামাৰ পৰা বাণিজ্যিক বিমানত ৭২ জনক আৰু আমেৰিকাৰ পৰা বাণিজ্যিক বিমানত ৭৬৭ জনক বিতাড়ন কৰা হয় ভাৰতীয়ক। লক্ষ্যণীয়ভাৱে, এই মুঠ বিতাড়িত লোকৰ ভিতৰত ১৫৬২ জন পুৰুষ আৰু ১৪১ জন মহিলা।