/asomiyapratidin/media/media_files/2025/01/19/mJ4wLxd6abXw8m2kjmhe.jpg)
ট্ৰাম্পৰ নতুন মুদ্ৰা Photograph: (ট্ৰাম্পৰ নতুন মুদ্ৰা)
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়াকৈ মুকলি কৰা মি'ম মুদ্ৰাই বিশ্বজুৰি ক্ৰিপ্টোকাৰেন্সী অৰ্থাৎ ভাৰ্চুৱেল কাৰেন্সীৰ বজাৰত খলকনিৰ সৃষ্টি কৰিছে। এই মুদ্ৰা মুকলি হোৱাৰ পিছতে ক্ৰিপ্টোকাৰেন্সীৰ বজাৰ ৮০০০শতাংশ ওপৰলৈ উঠাৰ তথ্য ৰাজহুৱা কৰিছে আমেৰিকাই।
ক্ৰিপ্টোকাৰেন্সীৰ মাৰ্কেটত বিগত ৪০বছৰৰ অভিলেখ ভংগ কৰিলে এই উচ্চস্তৰে। ট্ৰাম্পে এই ভাচুৱেৰ্লী মুদ্ৰা মুকলি কৰাৰ ৩ঘন্টাৰ পাছতে ট্ৰাম্পৰ মাৰ্কেট ভেল্যু ৮ আৰব ডলাৰলৈ বৃদ্ধি পালে। ট্ৰাম্পৰ এই মুদ্ৰা মুকলি কৰাৰ আঁৰৰ পৰিকল্পনা টেছলা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ বুলিও সন্দেহ কৰিছে বহুতে।
ক্ৰিপ্টোকাৰেন্সী কি ?
ক্ৰিপ্টোকাৰেন্সী হৈছে সামগ্ৰী ক্ৰয় বা সেৱাৰ বাবে ব্যৱহৃত একপ্ৰকাৰৰ ডিজিটেল সম্পদ। এই মুদ্ৰাবোৰত ক্ৰিপ্টোগ্ৰাফী ব্যৱহাৰ কৰা হয়। আপুনি ইয়াক সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াৰ বাবে কোনো বেংক, এটিএম নাই। বিশ্বৰ বহু দেশত অনলাইন ক্ৰয়ৰ বাবে ক্ৰিপ্টোকাৰেন্সী ব্যৱহাৰ কৰা হয়। আপুনি ইয়াক অদৃশ্য মুদ্ৰা ৰূপে ভাবিব পাৰে। অৱশ্যে ইয়াক নোট বা মুদ্ৰা হিচাপে প্ৰিণ্ট কৰিব নোৱাৰি, কিন্তু তথাপি ইয়াৰ মূল্য আছে।
ক্ৰিপ্টোকাৰেন্সী কেতিয়া আৰম্ভ হৈছিল?
২০০৯ চনত ক্ৰিপ্টোকাৰেন্সী আৰম্ভ কৰা হৈছিল। বিটকইন(Bitcoin) হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টোকাৰেন্সী আৰু ইয়াৰ সৈতে ক্ৰিপ্টোকাৰেন্সীৰ নাম আহিছিল। বিটকইন(Bitcoin) জাপানৰ সাতোশী নাকমোটো নামৰ এগৰাকী অভিযন্তাৰ দ্বাৰা সৃষ্টি কৰা হৈছিল। বিশ্বজুৰি ১০০০ তকৈও অধিক ক্ৰিপ্টোকাৰেন্সী আছে।
ক্ৰিপ্টোকাৰেন্সীয়ে কেনেদৰে কাম কৰে?
ক্ৰিপ্টোকাৰেন্সীয়ে ব্লকচেইন(Blockchain)ৰ জৰিয়তে কাম কৰে। অৰ্থাৎ ইয়াত লেনদেনৰ এক ৰেকৰ্ড ৰখা হয় যি শক্তিশালী কম্পিউটাৰে ইয়াক নিৰীক্ষণ কৰে, যাক ক্ৰিপ্টোকাৰেন্সী মাইনিং (Cryto mining) বুলি কোৱা হয়। এনে পৰিস্থিতিত ইয়াক হেক কৰাটো বহুত কঠিন। ব্লকচেইনৰ কাৰণেই ক্ৰিপ্টোকাৰেন্সীৰ লেনদেন অতি নিৰ্ভৰযোগ্য আৰু তৃতীয় পক্ষ যেনে বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠান আদিৰ প্ৰয়োজন নাই। Binance, coinbase, WazirX, Coinone, crypto.com সহ বহু মুখ্য ক্ৰিপ্টো এক্সচেঞ্জ আছে।