হ*ত্যা কৰিব ড'নাল্ড ট্ৰাম্পক!

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামাৰ মাজতে শেহতীয়াকৈ ইজৰাইলে ইৰাণৰ বিৰুদ্ধে আনিছে এক ভয়ংকৰ অভিযোগ। খোদ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এই অভিযোগ উত্থাপন কৰি কয় যে,

New Update
iram

ডিজিটেল ডেস্কঃ মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামাৰ মাজতে শেহতীয়াকৈ ইজৰাইলে ইৰাণৰ বিৰুদ্ধে আনিছে এক ভয়ংকৰ অভিযোগ। খোদ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এই অভিযোগ উত্থাপন কৰি কয় যে, পাৰমাণৱিক কাৰ্যসূচীৰ প্ৰতি ভৱিষ্যতে ভাবুকি সৃষ্টি হোৱাৰ আশংকা কৰি ইৰাণে হত্যা কৰাৰ পৰিকল্পনা কৰিছে ট্ৰাম্পক। 

ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ইৰাণে নিজকে আমেৰিকাৰ জুনিয়ৰ হিচাপে গণ্য কৰি আহিছিল। কিন্তু শেহতীয়াকৈ এই মানসিকতাৰ পৰিৱৰ্তন হৈছে। তেওলোকৰ বাবে এতিয়া প্ৰধান শত্ৰু হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।

শেহতীয়াকৈ ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ সন্দৰ্ভতো ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ আক্ৰমণত ইৰাণৰ পাৰমাণৱিক শক্তি বহু পৰিমাণে দুৰ্বল হৈছে। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা এনে এখন দেশ কাৰোৰে বাবেই বিশ্বাসযোগ্য হব নোৱাৰে। 

ড'নাল্ড ট্ৰাম্প