Advertisment

বিমানযোগে নথি-পত্ৰ বিহীন ২০৫ ভাৰতীয়ক ভাৰতলৈ প্ৰেৰণ আমেৰিকাৰ...

আমেৰিকাত অবৈধভাৱে বসবাস কৰা লাখ লাখ নাগৰিকক দেশৰ পৰা বাহিৰ কৰাত ব্যস্ত ট্ৰাম্প প্ৰশাসন । বিভিন্ন দেশৰ লগতে আমেৰিকাৰ এই বিদেশী বহিস্কাৰ কাৰ্যসূচীৰ পৰা বাদ নপৰিল ভাৰত ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অবৈধ প্ৰব্ৰজনকাৰীক দেশৰ পৰা বাহিৰ কৰাৰ পূৰ্ণ পৰিকল্পনা হাতত লৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিশ্ৰুতি দিছিল যে অবৈধভাৱে বাস কৰা সকলো বিদেশী নাগৰিকক দেশৰ পৰা বাহিৰ কৰা হ’ব । উক্ত প্ৰতিশ্ৰুতি অনুসৰি নিৰ্বাচনত জয়লাভ কৰাৰ পাছৰে পৰা অবৈধ নাগৰিকক গণ-বিতাড়নৰ বাবে উঠি-পৰি লাগিছে ৰাষ্ট্ৰপতি ট্ৰাম্প । 

Advertisment

এই পৰিকল্পনা অনুসৰি, আমেৰিকাত অবৈধভাৱে বসবাস কৰা লাখ লাখ নাগৰিকক দেশৰ পৰা বাহিৰ কৰাত ব্যস্ত ট্ৰাম্প প্ৰশাসন । বিভিন্ন দেশৰ লগতে আমেৰিকাৰ এই বিদেশী বহিস্কাৰ কাৰ্যসূচীৰ পৰা বাদ নপৰিল ভাৰত । ট্ৰাম্পৰ এই প্ৰচেষ্টাত প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’ব বহু ভাৰতীয় লোক । কিয়নো আমেৰিকাত বহু ভাৰতীয়ই অবৈধভাৱে বসবাস কৰি আহিছে ।

তথ্য অনুসৰি, আমেৰিকাত প্ৰায় ১০ লাখৰো অধিক ভাৰতীয়ই বাস কৰি আহিছে । বিশেষজ্ঞসকলে এই পদক্ষেপে ভাৰত-আমেৰিকাৰ সম্পৰ্কতো প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে। আমেৰিকাত প্ৰায় ১৮ হাজাৰৰো অধিক ভাৰতীয়ই অবৈধভাৱে বাস কৰি থকা বুলি চিনাক্ত কৰিছে আমেৰিকাৰ ট্ৰাম্প প্ৰসাসনে । তাৰ মাজতে সোমবাৰে ২০৫ জন অবৈধভাৱে বাস কৰা ভাৰতীয়ক বিশেষ বিমানযোগে ভাৰতলৈ প্ৰেৰণ কৰাৰ তথ্য প্ৰকাশ কৰিছে ট্ৰাম্প প্ৰশাসনে । 

উল্লেখযোগ্য যে সোমবাৰে ভাৰতলৈ ভাৰতীয়সহ প্ৰেৰণ কৰা প্ৰথমখন বিমানৰ লগতে অতিশীঘ্ৰে আৰু অধিক বিমান অবৈধ ভাৰতীয়সহ প্ৰেৰণ কৰিব বুলি তথ্য প্ৰকাশ পাইছ । তাৰ মাজতে এক সূত্ৰই তথ্য প্ৰকাশ কৰা অনুসৰি এই সন্দৰ্ভত ভাৰত চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰিছে আমেৰিকাৰ প্ৰশাসনে । 

ট্ৰাম্পৰ সমৰ্থকসকলে এই পৰিকল্পনাক দেশৰ নিৰাপত্তা আৰু অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। কিন্তু মানৱ অধিকাৰ সংগঠনসমূহে এই পদক্ষেপক নিৰ্দয় আৰু অন্যায় বুলি সমালোচনা কৰিছে। বহু নাগৰিকে আমেৰিকাত নতুন জীৱন আৰম্ভ কৰিবলৈ বহু ত্যাগ স্বীকাৰ কৰিব লগা হৈছে আৰু তেওঁলোকক উলিয়াই দিয়াৰ সলনি বৈধ পথ প্ৰদান কৰাটো উচিত বুলি বিবেচনা কৰিছে মানৱ অধিকাৰ সম্বন্ধীয় সংগঠনসমূহে ।

আমেৰিকা যুক্তৰাষ্ট্ৰ অবৈধ অনুপ্ৰৱেশ