/asomiyapratidin/media/media_files/2025/02/11/xo9UxATDIe9cL5R1Vaq0.jpg)
Trump announces 25% tariffs on foreign steel and aluminum
ডিজিটেল ডেস্ক : এতিয়াৰে পৰা বিদেশী ৰাষ্ট্ৰৰ ওপৰত ভিত্তি কৰি তীখা আৰু এলুমিনিয়াম আমদানি নকৰে আমেৰিকাই। নিজ দেশতে উৎপাদন কৰিব তীখা তথা এলুমিনিয়াম। এই কথা প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে।
আমেৰিকাৰ অৰ্থনীতি বৃদ্ধিৰ বাবে অতি শেহতীয়াকৈ ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ। যুক্তৰাষ্ট্ৰখনৰ অৰ্থনীতি বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰপতিগৰাকীয়ে বিদেশী তীখা আৰু এলুমিনিয়ামৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা সোমবাৰে ঘোষণা কৰে । উল্লেখযোগ্য যে এই নীতি ৪মাৰ্চৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। অৱশ্যে তেওঁৰ এই ঘোষণাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
শুল্ক আৰোপৰ সন্দৰ্ভত ট্ৰাম্পে কয় - আমাৰ দেশখনে তীখা আৰু এলুমিনিয়াম বিদেশত নহয়, আমেৰিকাত নিৰ্মাণ কৰিব লাগে। আমাৰ দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমি সৃষ্টি কৰিব লাগিব। তীখা আৰু এলুমিনিয়ামৰ শুল্ক আৰোপে বিদেশী ডাম্পিঙৰ অন্ত পেলাব। ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব আৰু আমাৰ তীখা আৰু এলুমিনিয়াম উদ্যোগক আমেৰিকাৰ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মেৰুদণ্ড তথা স্তম্ভ উদ্যোগ হিচাপে সুৰক্ষিত কৰিব।
এয়া কেৱল বাণিজ্যৰ কথা নহয়। তীখা আৰু এলুমিনিয়ামৰ দৰে উদ্যোগৰ বাবে আমেৰিকাই কেতিয়াও বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। সেয়ে এই নীতি গ্ৰহণ কৰা হৈছে বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰে ।