/asomiyapratidin/media/media_files/2025/03/15/7ktvaAY1Y1xvwnPAkvAb.jpg)
৪১খন দেশৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা
ডিজিটেল ডেস্ক: আমেৰিকা ভ্ৰমণ কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেনে সোনকালেই গৈ আহক। কিয়নো আমেৰিকাই কেইবাখনো দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে অতি সোনকালে ৪১খন দেশৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।
তিনিটা ভিন্ন গোটত বিভক্ত ৪১খন দেশৰ তালিকা সন্নিবিষ্ট কৰা হৈছে। এই তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছে চুবুৰীয়া দেশ পাকিস্তানৰো। ইয়াৰে প্ৰথমটো গোটত ১০খন দেশ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত আছে আফগানিস্তান, ইৰাণ, ছিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়াৰ দৰে দেশৰ নাম। এই দেশসমূহৰ নাগৰিকৰ ভিছা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব।
দ্বিতীয়টো গোটত পাঁচখন দেশ আছে: ইৰিত্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডান। এই দেশসমূহে আংশিকভাৱে নিলম্বনৰ সন্মুখীন হ’ব, যাৰ ফলত পৰ্যটক আৰু ছাত্ৰ ভিছাৰ লগতে অন্যান্য অনুপ্ৰৱেশকাৰী ভিছাতো প্ৰভাৱ পৰিব যদিও কিছুমান ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ’ব পাৰে। আনহাতে তৃতীয়টো গোটত বেলাৰুছ, পাকিস্তান আৰু তুৰ্কমেনিস্তানৰ দৰে দেশকে ধৰি ২৬খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশসমূহৰ নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত আংশিকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। অৱশ্যে এই দেশসমূহক ৬০ দিনৰ ভিতৰত নিৰাপত্তাৰ অভাৱ দূৰ কৰাৰ সুযোগ দিয়া হ’ব।
প্ৰতিবেদন অনুসৰি, এই তালিকাত কিছুমান নতুন দেশৰ নাম যোগ কৰিব। প্ৰশাসনৰ অনুমোদনৰ পিছতহে চূড়ান্ত তালিকা প্ৰকাশ পাব।
উল্লেখযোগ্য যে, প্ৰথম কাৰ্যকালত ড’নাল্ড ট্ৰাম্পে মুছলমান সংখ্যাগৰিষ্ঠ সাতখন দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিছিল, যিটো ২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us