/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/0d93a310-4e00-11e8-bd65-8f9614bffbbb.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ এন্ড্ৰইড কলিং এপ 'ট্ৰুকলাৰ'ৰে যোৱা কেইমাহ মানতে বহু কেইটা নতুন নতুন সুবিধা ব্যৱহাৰকাৰীক উপলব্ধ কৰাই আহিছে। এপটোত এতিয়া আৰু এটা নতুন সুবিধা সংযোগ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। শীঘ্ৰেই ট্ৰুকলাত কেৱল ডাটা অৰ্থাৎ ইণ্টাৰনেট সহায়তে ফোন কৰিব পৰা যাব। আৰু এই নতুন ফিচ্চৰটোক ভইচ অভাৰ ইণ্টাৰনেট প্ৰ'টকল চমুকৈ ভিঅআইপি বুলি জনা যায়।
অৱশ্যে বৰ্তমানলৈ এই সুবিধা কেতিয়ালৈ এপটোতউপলব্ধ হব তাৰ সন্দৰ্ভত কোনো কথা জানিব পৰা পোৱা নাই। ইফালে, হোৱাটছএপ আৰু গুগলডুঅৰ দৰেই ট্ৰুকলাৰতো একেধৰণে ফোন কৰিব পৰা যাব। যেতিয়া কোনো ব্যৱহাৰকাৰীৰ মোবাইলৰবেলেন্স নাথাকিব সেই সময়ত এই সুবিধাই বহু সহায় কৰিব।
ৰাষ্ট্ৰীয়সংবাদমাধ্যমত জানিব পৰা মতে, ট্ৰুকলাৰৰ ভিঅআইপি কলিং সুবিধা একাংশ ট্ৰুকাৰপ্ৰিমিয়াম ব্যৱহাৰকাৰীয়েহে লাভ কৰিব। কিন্তু বৰ্তমানলৈ এই কথা স্পষ্ট হোৱা নাই যে,ট্ৰুকলাৰ প্ৰিমিয়াম গল্ড ছাবছক্ৰাইবাৰসকলে এই সুবিধা লাভ কৰিব নে নাই।