অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহঃ বাংলাদেশলৈ নিয়াৰ পূৰ্বেই জব্দ বৃহৎ সংখ্যক গৰু...

rupohihat
rupohihat

ডিজিটেল সংবাদ ৰূপহীহাটঃ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে আজি এক অভিযান চলাই এখন বাহনসহ ২৩ টা চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰোপৰি আৰক্ষীয়ে হাতীপাৰাৰ পৰা এই ২৩ টা চোৰাং গৰুৰ সৈতে এখন ট্ৰাকো জব্দ কৰে।

জব্দ কৰা ট্ৰাকখনৰ নম্বৰ HR-38-R-7855। জানিব পৰা মতে এই ট্ৰাকখনৰ জৰিয়তে অবৈধ সৰবৰাকাৰীয়ে মেঘালয় হৈ বাংলাদেশলৈ গৰু কেইটা সৰবৰাহৰ চেষ্টা চলাইছিল।

২৩ টাকৈ গৰু এইদৰে অবৈধ সৰবৰাহৰ চেষ্টা কৰাৰ খবৰ আৰক্ষীয়ে লাভ কৰাৰ লগে লগেই আৰক্ষীয়ে অভিযান চলাই গৰু ভৰ্তি ট্ৰাকখন হাতীপাৰাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে আৰক্ষী অহাৰ উমান পাই গাড়ীৰ চালক আৰু সহযোগী পলাই সাৰে বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in