/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/171fd0fa-1190-4ae4-b829-dd7a41b66749/truck.jpg)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰৰ ৰাজপথত সংঘটিত হ'ল এক ভয়ংকৰ অগ্নিকাণ্ড। ৰাজপথতেই অগ্নিকাণ্ডত জাহ গ'ল বাৰ্মিজ চুপাৰী ভৰ্তি এখন ট্ৰাক । শিলচৰ - আইজল ৫৪ নম্বৰ ৰাষ্ট্ৰীয় পথৰ ধলাই পাকৈবিলত নিশা দাওদাওকৈ জ্বলি উঠিল চুপাৰী ভৰ্তি ট্ৰাক খন ৷ সন্দেহ অনুসৰি, পুৱতি নিশা প্ৰায় ৪ বজাত অগ্নি সংযোগ হৈছিল ট্ৰাক খনত ৷ উল্লেখ্য যে, মিজোৰামৰ পৰা অবৈধ ভাৱে বাৰ্মিজ চুপাৰী কঢ়িয়াই অনাৰ সময়তেই অগ্নিকাণ্ডত জাহ গ'ল ট্ৰাক খন ৷
স্থানীয় লোকৰ অনুমান অনুসৰি, ধলাই আৰু লাইলাপুৰ আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়ত ট্ৰাকখনে ভিতৰুৱা পথেৰে আহি শিলচৰ - আইজল ৰাষ্ট্ৰীয় পথত উঠিছিল ৷ ইয়াৰ পিচতে কোনো কাৰণত ট্ৰাকখনত অগ্নিকাণ্ড সংঘটিত হয় ৷ অৱশ্যে, অগ্নিকাণ্ডৰ অন্তৰালৰ কাৰণ এতিয়ালৈ ৰহস্যৰ আৱৰ্তত ৷ আনহাতে, অগ্নিকাণ্ডৰ ফলত ট্ৰাক খনৰ ব্যাপক ক্ষতি সাধন হোৱাৰ ওপৰিও সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় চুপাৰীখিনি ৷
উল্লেখ্য যে, অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগেই স্থানীয় আৰক্ষী বিষয়া আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছিল ঘটনাস্থলীত আৰু সক্ষম হয় অগ্নি নিৰ্বাপনত ৷ তথ্য অনুসৰি, ট্ৰাকৰ চালক পলাতক যদিও আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷