সেনা জোৱানৰ বাবে ভাল খবৰ! গালৱান, চিয়াচেনৰ পৰাও এতিয়া পৰিয়ালৰ সৈতে ফোনত পাতিব পাৰিব কথা...

প্ৰথমবাৰৰ বাবে গালৱান আৰু চিয়াচেন হিমবাহকে ধৰি বিশ্বৰ কিছুমান অতি দুৰ্গম ভূখণ্ডত নিয়োজিত সৈন্যই এতিয়া নিজৰ পৰিয়াল আৰু আপোনজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। 

author-image
Asomiya Pratidin
New Update
skik

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে গালৱান আৰু চিয়াচেন হিমবাহকে ধৰি বিশ্বৰ কিছুমান অতি দুৰ্গম ভূখণ্ডত নিয়োজিত সৈন্যই এতিয়া নিজৰ পৰিয়াল আৰু আপোনজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব।  কাৰণ সেনাই চীন আৰু পাকিস্তান উভয়ৰে সীমান্তৱৰ্তী লাডাখৰ দূৰৱৰ্তী আৰু উচ্চ উচ্চতাৰ অঞ্চলসমূহত নিৰ্ভৰযোগ্য ৪জি আৰু ৫জি মোবাইল সংযোগৰ সুবিধা প্ৰদান কৰিছে।

যোৱা শনিবাৰে ভাৰতীয় সেনা তৰফৰ পৰা এই কথা সদৰি কৰি কয় যে, এই পদক্ষেপে ১৮ হাজাৰ ফুটৰ ওপৰৰ উচ্চতাত বিচ্ছিন্ন শীতকালীন কাট অফ পোষ্টত সেৱা আগবঢ়োৱা সৈনিকসকলৰ বাবে এক ডাঙৰ মনোবল বৃদ্ধিকাৰী বুলি প্ৰমাণিত হৈছে, যাৰ ফলত তেওঁলোকে নিজৰ পৰিয়াল আৰু আপোনজনৰ সৈতে সংযুক্ত হৈ থাকিব পাৰিব।”

দৌলাত বেগ অল্ডি (ডি বি অ’), গালৱান, ডেমচক, চুমাৰ, বাটালিক, দ্ৰাছ আৰু চিয়াচেন হিমবাহৰ দৰে ভূখণ্ডত নিয়োজিত সৈন্যই এতিয়া নিৰ্ভৰযোগ্য ৪জি, ৫জি সংযোগৰ সুবিধা লাভ কৰিব বুলি ভাৰতীয় সেনাই অৱগত কৰে। সেনাই এই পদক্ষেপক পূব লাডাখ, পশ্চিম লাডাখ, আৰু চিয়াচেন হিমবাহৰ আগফালৰ স্থানকে ধৰি লাডাখৰ দূৰৱৰ্তী আৰু উচ্চ উচ্চতাৰ অঞ্চলসমূহত “ডিজিটেল বিভাজন দূৰ কৰা আৰু দূৰৱৰ্তী সম্প্ৰদায়সমূহক শক্তিশালী কৰাৰ দিশত এক পৰিৱৰ্তনশীল পদক্ষেপ” বুলি অভিহিত কৰে।

ভাৰতীয় সেনা