/asomiyapratidin/media/media_files/2025/03/03/n62thw5TbqvSsy2qqVx6.jpg)
স্নাতকোত্তৰ পৰীক্ষাত ভূগোল বিষয়ত সৰ্বোচ্চ নম্বৰ লাভেৰে স্বৰ্ণ পদক লাভ তৃষ্ণা মহেশ্বৰীৰ
ডিজিটেল সংবাদ, বিহপুৰীয়া : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাত ভূগোল বিষয়ত সৰ্বোচ্চ নম্বৰ (৯১.৬%) লাভেৰে স্বৰ্ণ পদক লাভ কৰি বিহপুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে বিহপুৰীয়াৰ জীয়ৰী তৃষ্ণা মহেশ্বৰীয়ে। বিহপুৰীয়া নগৰৰ তিনি নম্বৰ ৱাৰ্ডৰ বাসিন্দা যুগল মহেশ্বৰী আৰু সৰিতা মহেশ্বৰীৰ একমাত্ৰ কন্যা তৃষ্ণাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বিহপুৰীয়াবাসী ৷
/asomiyapratidin/media/media_files/2025/03/03/ZPQGYag0wdDRwaiq6Qqb.jpg)
বিহপুৰীয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত শিক্ষা জীৱন আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায়ত বিহপুৰীয়া ডিক্ৰং নেচনেল জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক আৰু দৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তৃষ্ণা সম্প্ৰতি চিলংস্থিত North Eastern Space Application Center ত কৰ্মৰত হৈ আছে । উল্লেখযোগ্য যে,অহা ১১মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাগৃহত ৰাজ্যপালে এই পদক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ৷