সমাগত স্বাধীনতা দিৱস, দেশজুৰি আজিৰে পৰা আৰম্ভ ত্ৰিৰংগা যাত্ৰা…

সমাগত স্বাধীনতা দিৱস, দেশজুৰি আজিৰে পৰা আৰম্ভ ত্ৰিৰংগা যাত্ৰা…

author-image
asomiyapratidin
New Update
১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ একেৰাহে উৰুৱাই ৰাখিব পাৰিব ৰাষ্ট্ৰীয় পতাকা….

ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। দেশত এইবাৰ ৩ দিনীয়াকৈ স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপেক্ষিতত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তাৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰো আহ্বান জনাইছিল। আৰু সেই আহ্বান মৰ্মে ৯ আগষ্ট, মঙলবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰিৰংগা যাত্ৰা। হাতত ৰাষ্ট্ৰীয় পতাকা লৈ আৰক্ষী জোৱান, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, মন্ত্ৰী-বিধায়ক আদি সকলোৱে ওলাই আহি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ প্ৰচাৰ অভিযান চলাইছে।

Advertisment

উল্লেখ্য যে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে এতিয়া চাহিদা বৃদ্ধি হৈছে ৰাষ্ট্ৰীয় পতাকাৰ। দেশৰ লগতে অসমৰ বিভিন্ন ঠাইত নতুনকৈ গঢ় লৈ উঠিছে ত্ৰিৰংগা প্ৰস্তুত কৰা উদ্যোগ। দিল্লীতো ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ জে. পি. নাড্ডাই লালকিল্লাৰ পৰা ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰে। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১১৫ ফুট ৰাষ্ট্ৰীয়া পতাকাৰ সৈতে ত্ৰিৰংগা যাত্ৰাত আগ-ভাগ লয়।

দেশ স্বাধীনৰ ৭৫ বছৰ সম্পূৰ্ণৰ আনন্দত দেশবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাবলৈ সাজু হৈছে। ব্যৱসায়ী সকলে হাজাৰ হাজাৰ ত্ৰিৰংগা প্ৰস্তুত কৰিবৰ বাবে অৰ্ডাৰ পাইছে। ত্ৰিৰংগাৰ চাহিদা বঢ়াৰ লগতে ব্যৱসায়ী, উদ্যোগ-প্ৰতিষ্ঠানৰ স্বত্ত্বাধিকাৰীও লাভাৱাম্বিত হৈছে।

আৰু পঢ়ক : আছাম ৰাইফলছৰ শিবিৰত এন.এছ.চি.এন-আলফা স্বাধীনৰ যৌথ আক্ৰমণ…

assam himanta biswa sarma bjp