বজালীত 'ত্ৰিৰংগা বাইক ৰেলী' উদ্বোধন ৰঞ্জিত কুমাৰ দাসৰ...

বজালীত 'ত্ৰিৰংগা বাইক ৰেলী' উদ্বোধন ৰঞ্জিত কুমাৰ দাসৰ...

author-image
Asomiya Pratidin
New Update
বজালীত 'ত্ৰিৰংগা বাইক ৰেলী' উদ্বোধন ৰঞ্জিত কুমাৰ দাসৰ...

ডিজিটেল সংবাদ, পাটাছাৰকুছি: ভাৰতীয় জনতা যুৱ মৰ্চা বজালীৰ জিলাৰ উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এখন ত্ৰিৰংগা বাইক ৰেলীৰ আয়োজন কৰে। এই 'ত্ৰিৰংগা বাইক ৰেলী' মঙলবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷

Advertisment

উক্ত ৰেলীখন বজালী জিলা যুৱ মৰ্চাৰ সভাপতি চম্পক কাকতিৰ নেতৃত্বত আৰম্ভ কৰা হয়। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উলিওৱা বাইক ৰেলী উদ্বোধন কৰি ৰঞ্জিত কুমাৰ দাসে সকলোকে এষাৰ কথা সোঁৱৰাই দিয়ে যে, এই ত্ৰিৰংগা পতাকাখন কেৱল স্বাধীনতা দিৱসৰ লগতহে যে সম্পৰ্ক আছে তেনে নহয় ৷ ভাৰতক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ৰ সৈতে জড়িত হৈ আছে আমাৰ জাতীয় পতাকাখন ৷ এই ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে মনীষীয়েও প্ৰাণ বলিদান দিবলগীয়া হৈছিল কাশ্মীৰত ৷ সেয়েহে, হৰ ঘৰ ত্ৰিৰংগা উদযাপন কৰোতে সকলোৱে যাতে পতাকাখনৰ সন্মান তথা গৰিমা অটুট ৰাখি উত্তোলন কৰে তাৰবাবে আহ্বান জনায়৷ এই বাইক ৰেলীত বহু লোকে অংশগ্ৰহণ কৰে৷

Also Read: নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী ৰূপত সাংবাদিক তথা শিক্ষক...

bajali har ghar tiranga