/asomiyapratidin/media/media_files/2025/06/23/fdgdfgdf-2025-06-23-23-54-29.jpg)
ডিজিটেল ডেস্কঃ এটা ভাল খবৰ। ত্ৰিপুৰাই নতুন এক ঐতিহাসিক সফলতা অর্জন কৰি ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে। শিক্ষা মন্ত্ৰালয়ে নিৰ্ধাৰিত ৯৫ শতাংশৰ সাক্ষৰতা হাৰ অতিক্ৰম কৰি ৰাজ্যখনৰ সাক্ষৰতা সম্প্ৰতি ৯৫.৬ শতাংশলৈ বৃদ্ধি পাইছে।
ইয়াৰ আগতে কেৱল মিজোৰাম আৰু গোৱাই এই খিতাপ লাভ কৰিছিল। শিক্ষা মন্ত্ৰণালয়ৰ বয়স্ক শিক্ষা বিভাগৰ ডাইৰেক্টৰ প্ৰীতি মীনাই সদৰি কৰে যে, “ইউনেস্ক’ৰ ধাৰণামতে যিকোনো ৰাজ্যৰ সাক্ষৰতা হাৰ ৯৫ শতাংশ অতিক্ৰম কৰিলে, সেই ৰাজ্যক সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়। ত্ৰিপুৰাই এই লক্ষ্যত সফলতা লাভ কৰিছে।”
প্ৰীতি মীনাৰ বক্তব্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে প্ৰকাশিত পিৰিয়াডিক লেবাৰ ফৰ্চ চাৰ্ভে (পিএলএফএছ) অনুসাৰে, ত্ৰিপুৰাৰ সাক্ষৰতা হাৰ ৯৩.৭ শতাংশ আছিল। পূৰ্বৰ এক সমীক্ষাত অ-সাক্ষৰ জনসংখ্যা আছিল ২৩,১৮৪ জন। এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ উল্লাছ (অণ্ডাৰষ্টেণ্ডিং লাইফলং লাৰ্নিং ফৰ অল ইন ছ'চাইটি) - নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেম সফলভাৱে কাৰ্য্যকৰী কৰাৰ ফলত, সাক্ষৰতা হাৰ বৃদ্ধি পায় ৯৫.৬ শতাংশলৈ।
ইফালে এই সফলতাৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° মানিক সাহাই উল্লেখ কৰে যে, “১৯৬১ চনত ত্ৰিপুৰাৰ সাক্ষৰতা হাৰ আছিল কেৱল ২০.২৪ শতাংশ। ২০০১ চনত ৭৩.৬৬ শতাংশলৈ আৰু ২০১১ চনত ৮৭.২২ শতাংশলৈ বৃদ্ধি পায়। বহু কঠিন সময় আৰু বাধা পাৰ হৈ আজি এই সাফল্য লাভ কৰাটো ৰাজ্যবাসীৰ কাৰণে এক গৌৰৱৰ ক্ষণ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, প্ৰতি ব্যক্তি আয় আৰু ৰাজ্যিক জিডিপিৰ ক্ষেত্ৰতো উত্তৰ-পূৰ্বাঞ্চলৰ মাজত ত্ৰিপুৰাই দ্বিতীয় স্থান অধিকাৰ কৰিছে।বিশেষজ্ঞসকলৰ মত অনুসাৰে, এই সাফল্যৰ মূলত ৩টা কাৰণ — প্ৰশিক্ষণ প্ৰদানৰ সুসংগঠিত পদ্ধতি, গ্ৰাম্য অঞ্চললৈ শিক্ষা প্রসাৰ আৰু স্থায়ী মনিটৰিং প্ৰক্ৰিয়া।