তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি...

তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি...

author-image
Asomiya Pratidin
New Update
তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি...

ডিজিটেল সংবাদ, গুৱাহাটী: শুকুুৰবাৰে গুৱাহাটীৰ জ্যোতিনগৰস্থিত পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ আতিথ্যত আৰু সামাজিক সাংস্কৃতিক গোষ্ঠী "সুৰতীৰ্থ"ৰ উদ্যোগত উক্ত বিদ্যালয় প্ৰাংগণত ৫দিনীয়াকৈ অনুষ্ঠিত তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে। ৮ জুলাইত আৰম্ভ কৰা এই কৰ্মশালাত ৬০ গৰাকী ভিন-ভিন প্ৰান্তৰ বিদ্যাৰ্থীয়ে প্ৰশিক্ষণ লয়।

Advertisment

এই সামৰণি অনুষ্ঠানত অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ কন্যা তথা বিশিষ্ট শিল্পী যুগব্ৰতা দত্ত, সংগীত পৰিচালক জে পি দাস, বিশিষ্ট চকু চিকিৎসক তথা জ্যেষ্ঠ শিল্পী ডা: বিৰাজ জ্যোতি গোস্বামী, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা সংগীত পৰিচালক অৱনী ৰঞ্জন পাঠক, সুৰতীৰ্থৰ উপ-সভাপতি কণিকা ভট্টাচাৰ্য, পৰাগজ্যোতি প্ৰকাশনৰ সচিব তথা কবি -সাংবাদিক দীপক শৰ্মা, পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ সহ:প্ৰধান শিক্ষক দিলীপ শৰ্মা, তবলা বাদক বিৰাজ মোহন দাস, গীতিকাৰ বেণুধৰ কলিতা আৰু সংগীত পৰিচালক অতুল মেধিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লয়। শিল্পী যুগব্ৰতা দত্তই নিজস্ব ভাষণত পুৰণি গীত শিকাৰ আগ্ৰহত আহ্লাদিত হৈ পৰে। শিল্পীসকলে গীত গাওঁতে শব্দৰ প্ৰকাশভংগীত গুৰুত্বাৰোপ কৰিব লাগে বুলি কয় ।

ডা: বিৰাজ জ্যোতি গোস্বামীয়ে কয়- শৈশৱ- কৈশোৰৰ পৰা সংগীত শিক্ষাৰ আগ্ৰহ আৰু নিজক সুষ্ঠ সৱল কৰি তোলাত সংগীতৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । সাংবাদিক দীপক শৰ্মাই কয়- সুৰতীৰ্থই যি কাম কৰি আহিছে, সেইয়া বৰ আন্তৰিকতাৰে আৰু ইতিবাচক ধৰণেৰে কৰি আহিছে। কোনো ধৰণৰ ভৰ্তি মাচুল নোলোৱাকৈ পাঠদান কৰাটো বৰ প্ৰশংসাৰ পাত্ৰহৈ পৰিছে।

শিক্ষক দীপমণি চুতীয়াই আঁত ধৰা লগতে সুৰতীৰ্থৰ সম্পাদক হীৰেণ শৰ্মাই উদ্দেশ্যে আৰু আদৰণি জনোৱা অনুষ্ঠানত শিকাৰুসকলে গীত পৰিৱেশন কৰে আৰু প্ৰতিজনকে প্ৰমাণ পত্ৰ প্ৰদান কৰে। ৫দিনে প্ৰশিক্ষণ প্ৰদান কৰে জে পি দাস, যুগব্ৰতা দত্ত, অৱনী ৰঞ্জন পাঠক, অতুল মেধি, হেমন্ত নাথ, ড০ ৰূপাঞ্জলী হাজৰিকা আৰু গীতাঞ্জলি মহন্ত বৰুৱাই ।

Also Read: নাৱাৰ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মেৰাপানীত বিত্তীয় সাক্ষৰতা অনুষ্ঠান...

jyotinagar