/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f662baaf-30ad-49e7-8f1c-c2c64bf34940/1.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ নাৱাৰ্ডৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুকুৰবাৰে মেৰাপানীৰ গমাৰিগুৰিত এক বিত্তীয় সাক্ষৰতা অনুষ্ঠানৰ আয়োজন কৰা হয়। গমাৰিগুৰি বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোত নাবাৰ্ডৰ ডিডিএম ভাষ্কৰ পৰাশৰৰ লগতে কেইবাগৰাকীও সমল ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/72c0f88e-6872-44d6-b041-140fda557fdb/b5e0fa89-f2ac-4d42-b747-d9e451cf887d.jpg)
মূলতঃ গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত বিত্তীয় সাক্ষৰতা বৃদ্ধি কৰা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে আয়োজন কৰা সভাখনত স্থানীয় প্ৰায় অৰ্ধশতাধিক পুৰুষ মহিলা উপস্থিত থাকে। সুৰক্ষিত বিত্তীয় লেনদেন আৰু বিত্তীয় প্ৰৱঞ্চনা প্ৰতিৰোধ সম্পৰ্কত সভাত উপস্থিত থকা সমল ব্যক্তি সকলে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।
এই সভাখনত অসম গ্ৰামীণ বিকাশ বেংক গমাৰি বজাৰ শাখা পৰিচালক ৰঞ্জিত শৰ্মা, গমাৰিগুৰি বন্ধন বেংকৰ সহঃ পৰিচালক কৃষ্ণ বিশ্বাস, বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ ক্ষেত্ৰ প্ৰৱন্ধক পবিত্ৰ বৰা, কেন্দ্ৰ প্ৰৱন্ধক পাৰিজাত বৰুৱা, ক্ষেত্ৰ সমন্বয়ক দিপালী গগৈ শইকীয়াৰ লগতে অপাৰেটৰ দিপালী গগৈ উপস্থিত থাকে।