/asomiyapratidin/media/media_files/2025/02/10/1W7HwXyVxvCqjRyaK7yF.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলীৰ মিছা উপ-কেন্দ্ৰ ভেলেউগুৰিত দিনজোৰা কাৰ্যসূচীৰে পাৱাৰগ্ৰীড নৰ্থ ইষ্ট ৰিজিঅনেল ট্ৰেঞ্চমিছন চিষ্টেম শ্ৰমিক ইউনিয়নৰ ত্ৰি-বাৰ্ষিক প্ৰতিনিধি সম্মিলন অনুষ্ঠিত কৰা হয় ।
দেওবাৰে অনুষ্ঠিত প্ৰতিনিধি সম্মিলনৰ পুৱা পতাকা উত্তোলন কৰি স্মৃতি চাৰণ কৰে সভাপতি প্ৰশান্ত শইকীয়াই। লগতে অনুষ্ঠানৰ মুকলি সভাতো সভাপতিত্ব কৰে প্ৰশান্ত শইকীয়াই। ইয়াৰোপৰি আদৰণি ভাষণ প্ৰদান কৰে ওম প্ৰকাশ শইকীয়াই আৰু উদ্বোধনী ভাষণ প্ৰদান কৰে তপন শৰ্মাই।
প্ৰতিনিধি সন্মিলনত ইউনিয়নৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক লক্ষ্যধৰ কলিতাই। লগতে কোষাধ্যক্ষ হেমন্ত বৰাই ইউনিয়ন গঠন হোৱাৰ পৰা হিচাপৰ প্ৰতিবেদন দাখিল কৰে। আজিৰ এই অনুষ্ঠানত ভাৰতীয় বিদ্যুৎ কৰ্মচাৰী ফেডাৰেচনৰ ( চি আই টি ইউ) সভাপতি স্বদীপ দেৱ ৰয়ে তত্ব গধূৰ ভাষণ প্ৰদান কৰে। ৰয়ে হিন্দী, অসমীয়া আৰু ইংৰাজী তিনিওটা ভাষাত তথ্য সম্বলিত আৰু সাৱলীল ভাষণ প্ৰদান কৰে।
সভাত বিষয় সন্দৰ্ভত সাৰুৱা মন্তব্য আগবঢ়ায় কাৰ্যকৰী সভাপতি কেশৱ হোৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি ওম প্ৰকাশ শইকীয়া ,কাৰ্যকৰী সভাপতি প্ৰবীণ শইকীয়া, সম্পাদক গজেন বৈশ্য আৰু কোষাধ্যক্ষ বিকাশ ডেকাৰ তত্ত্বাৱধানত সভাখন সুচাৰুৰূপে পৰিচালনা হোৱাত অংশগ্ৰহণ কৰা শতাধিক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিনিধিয়ে সন্তোষ প্ৰকাশ কৰে।