বাওঁপন্থী চিন্তাবিদ, অধ্যাপক বিশ্বজিৎ চক্ৰৱৰ্তীৰ জন্মদিৱসত গুণমুগ্ধ, সতীৰ্থৰ সশ্ৰদ্ধ স্মৰণ

বিশিষ্ট শিক্ষাব্ৰতী, বাওঁপন্থী চিন্তাবিদ, প্ৰয়াত বিশ্বজিৎ চক্ৰৱৰ্তীৰ জন্মদিৱস তথা শ্ৰমিক দিৱসৰ দিনটোত আজি গুৱাহাটী প্ৰেছ ক্লাবত "আনবাউণ্ড উইণ্ড" গ্ৰন্থ উন্মোচন কৰা হয়।

author-image
Tushar Pratim
New Update
বাওঁপন্থী চিন্তাবিদ, অধ্যাপক বিশ্বজিৎ চক্ৰৱৰ্তীৰ জন্মদিৱসত গুণমুগ্ধ, সতীৰ্থৰ সশ্ৰদ্ধ স্মৰণ 

ডিজিটেল সংবাদ গুৱাহাটীঃ বিশিষ্ট শিক্ষাব্ৰতী, বাওঁপন্থী চিন্তাবিদ, সংগঠক প্ৰয়াত বিশ্বজিৎ চক্ৰৱৰ্তীৰ জন্মদিৱস তথা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসত আজি অক্লান্ত সমাজকৰ্মী বিশ্বজিৎ চক্ৰৱৰ্তীৰ স্মৰণত যুগুতোৱা এখন গ্ৰন্থ "আনবাউণ্ড উইণ্ড" গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অনুষ্ঠানত প্ৰয়াত চিন্তাবিদগৰাকীক ওচৰৰ পৰা পোৱা বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে তেওঁৰ জনমুখী চেতনা আৰু প্ৰেৰণাদায়ক কৰ্মৰাজী শ্ৰদ্ধাৰে সুঁৱৰি বক্তৃতা আগবঢ়ায়।

Advertisment

সভাখনৰ আৰম্ভনিতে প্ৰযাত চক্ৰৱৰ্তীৰ সহধৰ্মিনী দীপালী(ৰুবী) চক্ৰৱৰ্তীয়ে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সহযোগত স্বামীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু উদেশ্য ব্যাখ্যা কৰে।কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশ্বজিৎ চক্ৰৱৰ্তীৰ সহকৰ্মী সুৰেণ তালুকদাৰৰ সভাপতিত্বত হোৱা সভাখনত প্ৰাক্তন সাংবাদিক, সাংসদ অজিত কুমাৰ ভূঞাই সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰে।

উন্মোচনী ভাষণত ভূঞাই কয় যে মানুহৰ মাজত হেৰাই নোযোৱা এগৰাকী সমাজহিতৈষী  আছিল বিশ্বজিৎ চক্ৰৱৰ্তী। তেওঁ নিস্বাৰ্থ ভাৱে সমাজৰ কামত আত্মনিয়োগ কৰিবলৈ আনকি কটন কলেজৰ দৰে শিক্ষানুষ্ঠানৰ অধ্যাপকৰ চাকৰীয়েই ত্যাগ কৰাটো সাধাৰণ কথা নহয়। অজিত কুমাৰ ভূঞাই প্ৰয়াত চক্ৰৱৰ্তীৰ ব্যক্তিত্বৰ দ্বাৰা আকৰ্ষিত হোৱাৰ কথাও প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ভালেমান ব্যক্তিয়ে অসমীয়া, বাংলা আৰু ইংৰাজী ভাষাত লিখা স্মৃতিচাৰণ লেখা সন্নিৱিষ্ট হোৱা "আনবাউণ্ড উইণ্ড" পুথিখন চক্ৰৱৰ্তীৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ সহযোগত সম্পাদনা কৰিছে নৱজ্যোতি বৰগোহাঁইয়ে। সভাখনত সমজুৱাৰ স্মৃতিচাৰণ পৰ্বত বিশিষ্ট সাহিত্যিক ফুল গোস্বামীয়ে বিশ্বজিৎ চক্ৰৱৰ্তীৰ সদা অনুপ্ৰেৰণা দায়ক আৰু সক্ৰিয় ভূমিকা সোঁৱৰে।  

বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতাই চমু ভাষণত বিশ্বজিৎ চক্ৰৱৰ্তীৰ ব্যক্তিত্বৰ স্মৰণ কৰে। কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপক সংগীতা বৰঠাকুৰেও একালত শিক্ষক আৰু পিছলৈ সহকৰ্মী হিচাপে পোৱা বিশ্বজিৎ চক্ৰৱৰ্তীৰ অবিস্মৰণীয় সাহচৰ্যৰ স্মৰণ কৰে ।

অনুষ্ঠানত  বিশিষ্ট লেখক পৰেশ মালাকাৰ, অগ্ৰণী নাট্য শিল্পী নয়ন প্ৰসাদেও গণতান্ত্ৰিক, নতুন আৰু বিচিত্ৰ চিন্তাধাৰাৰ বাহক বিশ্বজিৎ চক্ৰৱৰ্তীক সোঁৱৰণ কৰি বক্তব্য আগবঢ়ায়। বিভিন্ন ক্ষেত্ৰৰ ভালেমান ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনত বিশিষ্ট নিবন্ধকাৰ, প্ৰৱীণ সাংবাদিক তথা বিশ্বজিৎ চক্ৰৱৰ্তীৰ সতীৰ্থ নিত্য বৰা, নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, সমাজকৰ্মী দেৱজিৎ চৌধুৰী, অধ্যাপক ৰাজেন কলিতা ,অধিবক্তা শান্তনু বৰঠাকুৰ, অধ্যাপক জগদীশ গোস্বামী, লেখক মুকুট সিংহ চুতীয়া, নীল শৰ্মা,   মণি মহন্ত, সুৰেশ ৰঞ্জন গদুকা, কৈলাশ চৌধুৰী আদিয়ে অংশগ্ৰহণ কৰে।

আন্তৰ্জাতিক শ্ৰমিক দিৱস গ্ৰন্থ উন্মোচন গুৱাহাটী প্ৰেছ ক্লাব