পেহেলগামত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা : মাজুলীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল

মাজুলীত অনুষ্ঠিতব্য সংগীতানুষ্ঠান বাতিল কৰিলে সংগীত শিল্পী জুবিন গাৰ্গ তথা উদ্যোক্তাসকলে। আনন্দ- উল্লাসৰ পৰিৱৰ্তে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সেৱা আগবঢ়ালে উদ্যোক্তাসকলে। 

author-image
Asomiya Pratidin
New Update
পেহেলগামত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা : মাজুলীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল

ডিজিটেল ডেস্ক : মাজুলীত অনুষ্ঠিতব্য সংগীতানুষ্ঠান বাতিল কৰিলে সংগীত শিল্পী জুবিন গাৰ্গ তথা উদ্যোক্তাসকলে। আনন্দ- উল্লাসৰ পৰিৱৰ্তে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সেৱা আগবঢ়ালে উদ্যোক্তাসকলে। 

উল্লেখযোগ্য যে, পেহেলগামত সংঘটিত হোৱা ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে মাজুলীৰ নতুন বজাৰত অনুষ্ঠিত হ’ব লগা বিহুৰ অনুষ্ঠান বাতিল কৰে আয়োজকসকলে। একে সময়তে উক্ত মঞ্চত উদ্যোক্তাসকলে নিহতসকলৰ প্ৰতি শ্ৰদ্ধ জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

তাৰোপৰি নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি পুৰুষ- মহিলাসকলে প্ৰাৰ্থনা জনায়। অদূৰ ভৱিষ্যত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবেও প্ৰাৰ্থনা জনায় উদ্যোক্তাসকলে।

ইফালে আজিৰ এই অনুষ্ঠানটি বাতিল হোৱাত অহা ৪মে'ত পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। আনহাতে জুবিন গাৰ্গ তথা উদ্যোক্তাসকলৰ এই মহানুভৱতাক সচেতন মহলৰ লগতে মাজুলীবাসী ৰাইজে শলাগ লৈছে।

zubeen garg