জ্যোতি চিত্ৰবনত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব প্ৰিয় অভিনেতাজনক...

বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামী।
nipan goswami
nipan goswami

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামী। মৃত্য়ুৰ সময়ত অভিনেতা গৰাকীৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতা গৰাকীৰ মৃত্য়ুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যত।

শুকুৰবাৰে ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ'ব অভিনেতা নিপন গোস্বামীৰ। শুকুৰবাৰে দিনৰ ১১ বজাত নৱগ্ৰহত হ'ব শেষকৃত্য। ইফালে তেওঁৰ চিকিৎসাৰ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে। এই কথা জনালে মন্ত্ৰী অশোক সিংঘালে।

আজি দিনৰ ২ বজাত অভিনেতা গৰাকীৰ নশ্বৰ দেহ নিয়া হ'ব বাসগৃহলৈ আৰু তাৰ পাছতে দিনৰ ২.৩০ বজাত নশ্বৰ দেহ নিয়া হ'ব জ্যোতি চিত্ৰবনলৈ। গুণমুগ্ধ সকলে জ্যোতি চিত্ৰবনতে তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব।

শুকুৰবাৰে পুৱা ৯ বজাত কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব অভিনেতা গৰাকীৰ নশ্বৰদেহ। তাৰ পৰাই নিয়া হ'ব দীঘলীপুখুৰীলৈ। ইয়াৰ পাছতেই দিনৰ ১১ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব ৰাজ্যিক মৰ্যদাৰে।

অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে তেওঁৰ গুণমুদ্ধ সকলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু নেতা মন্ত্ৰীকে ধৰি গুণমুদ্ধই অভিনেতা গৰাকীৰ মৃত্যুক শোক প্ৰকাশ কৰিছে।

আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যইও নেমকেয়াৰ হস্পাতাললৈ গৈ অভিনেতা জনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বিশিষ্ট গায়ক দীপেন বৰুৱাইও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে তেওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in