/asomiyapratidin/media/media_files/2024/11/23/dAFK9qYmt39xSg4DVKWw.jpg)
ডিজিটেল সংবাদ,উৰিয়া গাঁও: অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,অৱসৰপ্ৰাপ্ত বেংক বিষয়া,বিশিষ্ট সমাজকৰ্মী তথা বঢ়মপুৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা জিতু শৰ্মাৰ পবিত্ৰ স্মৃতিত এখন স্মৰণিকা আজি উৰিয়াগাঁওস্থিত তেওঁৰ বাসগৃহ প্ৰাংগণতে অনুষ্ঠিত হোৱা এক সভাত উন্মোচন কৰা হয়। বঢ়মপুৰ প্ৰেছ ক্লাৱৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা সভাখনত প্ৰয়াত জিতু শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে স্মৰণিকা উন্মোচনী সভাখন শুভাৰম্ভ কৰে প্ৰয়াত শৰ্মাৰ বৰ্ষীয়ান খুৰায়েক তথা ধর্মপ্রাণ ব্যক্তি গোবিন শৰ্মাই।
ইয়াৰ পিছতে বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সাংবাদিকদ্বয় জয়ন্ত বৰা আৰু নিপুল বৰাৰ সম্পাদনাত প্ৰকাশিত স্মৰণিকা "জিতুস্মৰণ" উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ গোস্বামীয়ে। উন্মোচক গোস্বামীয়ে তেওঁৰ ভাষণত প্ৰয়াত জিতু শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়- স্মৰণিকাখন সর্বাংগসুন্দৰ হৈছে আৰু ইয়াৰ জৰিয়তে সমাজলৈ এক ইতিবাচক বার্তা কঢ়িয়াই অনাই নহয়,বিভিন্ন গুণৰ অধিকাৰী জিতু শৰ্মাৰ সম্পৰ্কত পাঠক সমাজে বহুখিনি কথা জানিব পাৰিব।
বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক নিপুল বৰাই আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্য প্ৰসাদ শৰ্মাই ভাষণ প্ৰসংগত কয় যে, জিতু শৰ্মাৰ চিন্তাধাৰা বহু যোগাত্মক আৰু আশাবাদী আছিল। তেওঁ উদালী হাইস্কুলত শিক্ষকতা কৰি মোৰ লগত একেলগে কৰ্মজীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত তেওঁ বেংকৰ চাকৰিত নিয়োজিত হৈ পৰে। সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰাৰ ক্ষেত্ৰত জিতু শৰ্মাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।
এনে এগৰাকী সমাজপ্রিয় ব্যক্তিৰ অভাৱ অঞ্চলটোৰ ৰাইজে অনাগত দিনত অনুভৱ কৰিব লাগিব বুলি মন্তব্য কৰে।সভাত বিশিষ্ট কবি-লেখক ডা: হেমন্ত কুমাৰ গোস্বামীয়ে কয় যে প্ৰয়াত জিতু শৰ্মাৰ স্মৃতিত "জিতুস্মৰণ" নামৰ যিখন স্মৰণিকা প্ৰকাশ পাইছে, এই গ্ৰন্থখন একোখন স্মৃতিৰ দলিল স্বৰূপ। তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজি সমাজৰ আগত প্ৰতিফলিত কৰাৰ উদ্দেশ্যৰে বঢ়মপুৰ প্ৰেছ ক্লাৱৰ লগতে পৰিয়ালবৰ্গই স্মৰণিকা প্ৰকাশ কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, এয়া সঁচাকৈয়ে প্ৰশংসনীয় কাম হৈছে বুলি ভাষণত গোস্বামীয়ে উল্লেখ কৰে।
সভাত বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়াই কয় যে, প্ৰয়াত জিতু শৰ্মা এজন উচ্চ চিন্তাধাৰা তথা দূৰদৰ্শী ব্যক্তি আছিল।বিদেশী বিতাড়ন আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।জাতীয়তাবাদী আদৰ্শৰে উদ্বুদ্ধ হৈ সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। সভাত পৰিয়ালৰ ফালৰ পৰা মৃদুল কুমাৰ শৰ্মাই জিতু শৰ্মাৰ অতীত স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে।
স্মৰণিকাখনৰ উন্মোচনী সভাত সমাজকৰ্মী ক্ষেম কান্ত শর্মা, অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল চন্দ্ৰ শৰ্মা, সমাজকৰ্মী মাধৱ চন্দ্ৰ বৰা, ক্ষীৰ শৰ্মা, দুলাল চন্দ্ৰ বৰা, অচ্যুত চন্দ্ৰ শৰ্মা, জগত চন্দ্ৰ শৰ্মা, লোহিত শৰ্মা, দেবেন বৰা, শৰ্মাৰ সহধৰ্মিনী মায়াৰাণী শৰ্মা, একমাত্ৰ জীয়ৰী পূজা শৰ্মা, সাংবাদিক বৰুণ জ্যোতি নেওগ,পদ্ম হাজৰিকা প্ৰমুখ্যে বহু গণ্য- মান্য লোক উপস্থিত থাকে।