/asomiyapratidin/media/media_files/2025/05/26/zboGROIxNAM3l30stxqR.jpg)
শিল্পী গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি
ডিজিটেল সংবাদ, নগাঁও : অহাৰ দৰেই উভতি আঁতৰি গ'ল তেওঁ । জটিল ৰোগে কাঢ়ি নিলে তেওঁৰ প্ৰাণ । কিন্তু থাকি গ'ল সেই সুমধুৰ কণ্ঠ ।
যাদুকৰী সন্মোহিনী কণ্ঠৰে প্ৰাণ চঞ্চল কৰি যোৱা তথা অসমীয়া সংগীতক্ষেত্ৰ সমৃদ্ধ কৰি তোলা শিল্পী গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে সোমবাৰে নগাঁও চহৰৰ কলঙৰপাৰত অনুষ্ঠিত হয় গীত, অনুভৱ আৰু আলোচনাৰ এক বিশেষ অনুষ্ঠান । এদল সংস্কৃতিবান নগঞাৰ উদ্যোগত প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণৰ জৰিয়তে পাতনি মেলা হয় ।
বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ নিবেদন কৰে ক্ৰমে শিল্পী দুৰ্গাময়ী বৰা, সংগীতজ্ঞ কৃষ্ণ দুলাল বৰুৱা আৰু শিক্ষাবিদ ড০ কমল শইকীয়াই । সমান্তৰালভাৱে বাঁহী বাদন কৰি অনুষ্ঠানটিত প্ৰাণ সঞ্চাৰ কৰে দুবৰি শইকীয়াই ।
মুনীন্দ্ৰ শইকীয়া আৰু কুলপ্ৰদীপ দাসে আঁত ধৰা এই অনুষ্ঠানটিত উদ্বোধনী বক্তব্য প্ৰদান কৰে পুৰণিগুদামৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ কমল শইকীয়াই । ভাষণ প্ৰসংগত তেওঁ শিল্পী গায়ত্ৰী হাজৰিকাক সমৃদ্ধ সাংগীতিক ঐতিহ্যৰ ৰূপকাৰ বুলি অভিহিত কৰে । লগতে তেওঁক অসাধাৰণ কণ্ঠৰ অধিকাৰী তথা 'জিনিয়াচ' বুলিও উল্লেখ কৰে ।
ইয়াৰ পিছতে শিল্পী সৃষ্টি বৰদলৈয়ে গায়ত্ৰী হাজৰিকাই কণ্ঠ নিগৰাই থোৱা হীৰেন ভট্টাচাৰ্যৰ 'সুমথিৰা ৰঙৰ জাৰৰ কোমল ৰ'দ' শীৰ্ষক গীতটি প্ৰাণঢালি পৰিৱেশন কৰি অনুষ্ঠানটিক গতি প্ৰদান কৰে । অনুষ্ঠানৰ প্ৰথম গীতটিৰ পিছতেই পুনৰ গায়ত্ৰী হাজৰিকাৰ দক্ষতা আৰু অসাধাৰণ প্ৰতিভাৰ সন্দৰ্ভত বক্তব্য উপস্থাপন কৰে বেবেজীয়াৰ পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাহিত্যিক , শিল্পী কৃষ্ণদুলাল বৰুৱাই ।
সংগীতৰ বিশেষজ্ঞগৰাকীয়ে সদ্যপ্ৰয়াত শিল্পীগৰাকীক অসাধাৰণ কণ্ঠৰ অধিকাৰী আছিল বুলি উল্লেখ কৰে । কৃষ্ণ দুলাল বৰুৱাৰ বক্তব্যৰ পিছতে আকাশবাণী নগাঁও কেন্দ্ৰৰ ঘোষিকা ডিম্পল বৰাই পৰিৱেশন কৰে 'সৰা পাতে পাতে ফাগুন নামে' শীৰ্ষক গীতটি ।
নগাঁৱৰ শিল্পী কাজল শৰ্মাৰ এই গীতটিত কণ্ঠ নিগৰায়েই জনপ্ৰিয় হৈ পৰিছিল গায়ত্ৰী হাজৰিকা । যি গায়ত্ৰী হাজৰিকাক আকৌ এবাৰ স্মৰণ কৰাৰ সুযোগ প্ৰদান কৰিলে ডিম্পল বৰাই ।
ইয়াৰ পিছতে গীতিকাৰ-সুৰকাৰ কাজল শৰ্মাই গায়ত্ৰী হাজৰিকাক প্ৰথমবাৰৰ বাবে মনজোৎস্না মহন্ত গোস্বামীৰ জৰিয়তে লগ পোৱাৰ কথাসমূহ ব্যক্ত কৰাৰ উপৰিও গায়ত্ৰী হাজৰিকাই কণ্ঠ নিগৰোৱা তেওঁৰ সেই বিশেষ 'সৰা পাতে পাতে ফাগুন নামে' শীৰ্ষক গীতটিৰ সৃষ্টিৰ আঁৰৰ কথা প্ৰকাশ কৰে । শিল্পী চন্দনা ডেকাই কাজল শৰ্মাৰ আন এটি গীত 'মাথোঁ এজাক বৰষুণ লাগে' পৰিৱেশন কৰি অনুষ্ঠানটিক এক সুকীয়া মাত্ৰা প্ৰদান কৰে ।
গীতটিৰ পিছতে সংগীত পৰিচালক দীপক শৰ্মাই সংগীত সম্পৰ্কীয় বক্তব্যৰ জৰিয়তে গায়ত্ৰী হাজৰিকাৰ অৱদান সন্দৰ্ভত আলোকপাত কৰে । মৈত্ৰেয়ী ডেকাই পৰিৱেশন কৰে গায়ত্ৰী গায়ত্ৰী হাজৰিকাই কণ্ঠ নিগৰাই থোৱা হীৰেন ভট্টাচাৰ্যৰ আন এক গীত 'জোনাক নাছিল বনত' ।
ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱা, সংগীত পৰিচালক দিপাংক শইকীয়াই ব্যৱস্থাপকৰ ভূমিকা গ্ৰহণ কৰা এই অনন্য অনুষ্ঠানটিত বাদ্যযন্ত্ৰী হিচাপে সহযোগিতা আগবঢ়াইছিল ক্ৰমে অতুল মহন্ত, মুকুল বৰা, অভিষেক ধৰ, দীপু দাস আৰু জিতেন্দ্ৰ বৰাই । দুই শতাধিক সংগীত অনুৰাগী উপস্থিত থকা এই অনুষ্ঠানটিত গল্পকাৰ শিৱানন্দ কাকতি, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কুলেন চন্দ্ৰ দাস, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সদানন্দ পায়েং, শিল্পী নয়ন অসম কলিয়াবৰীয়া আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে আৰু বহু কেইগৰাকী শিল্পীয়ে কণ্ঠ নিগৰাই অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তোলে ।