/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2caf034c-bb13-429a-9896-9f39a732cfa0/forkating_1.jpg)
ডিজিটেল সংবাদ, ফৰকাটিং : গোলাঘাটত অৱস্থিত ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৫ নৱেম্বৰ দিনা ড° ভূপেন হাজৰিকা দেৱৰ ১১ তম মৃত্যু তিথি উদযাপন কৰে। মৃত্যু তিথি উপলক্ষে বিদ্যালয়ৰ পৰিচালন সঞ্চালক ড° লাচিত বৰুৱাই বন্তি প্রজ্বলন কৰে আৰু সুধাকণ্ঠ দেৱৰ সম্পর্কে কিছু বক্তব্য আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/862a0bea-5e2b-4f88-b84f-53266cb423b5/WhatsApp_Image_2022_11_06_at_8_53_01_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/52072329-3593-4aaa-acff-a4b44f9ca53e/WhatsApp_Image_2022_11_06_at_8_52_59_AM__1_.jpeg)
এই বিশেষ দিনটোতে মহেন বৰুৱা ফাউণ্ডেশ্যন দ্ধাৰা "পলি বৰুৱা পৰিৱেশ্য কলা মহাবিদ্যালয়" উদ্ধোধন কৰে।মহাবিদ্যালয় খনিৰ শুভাৰম্ভনিৰ বাবে বিশিষ্ট লোকসংগীতৰ সাধক মন্টু বৰপাত্ৰ গোহাঁই ডাঙৰীয়াক আমন্ত্রণ জনায়। গোঁহাই ডাঙৰীয়াই বিদ্যালয় খনিক উদ্দেশ্যে উদ্ধোধনি ভাষন আগবঢ়াই লগতে বিদ্যালয় খনিত আৰম্ভ কৰিবলৈ যোৱা নতুন সংযোজনকো শলাগ লয় আৰু ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উত্তৰৰোত্তৰ কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/fc4ebe4f-d1ba-45e1-9eef-d9c040bf00f7/WhatsApp_Image_2022_11_06_at_8_52_59_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/308ec84e-1320-4c94-9b88-cfa572f1b1a8/WhatsApp_Image_2022_11_06_at_8_52_58_AM__1_.jpeg)
ইয়াৰোপৰি বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে সুধাকণ্ঠৰ প্রতি সন্মান জনায় সমবেত সংগীত, গীত, তথা আলেখ্যৰ আয়োজন কৰে। ইয়াৰোপৰি বিদ্যালয়ৰ ছাত্র কিৰন শইকীয়াই গীত পৰিৱেশন কৰে, লগতে বিদ্যালয়ৰ শিক্ষক বেদান্ত তামূলী আৰু দ্বিকিৰন হাজৰিকাইও গীত পৰিৱেশন কৰে। সম্পূর্ণ অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ বাবে তথা নতুন এক প্রতিষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আগবঢ়া বাবে মহাবিদ্যালয় খনিৰ অধ্যক্ষা ড° মণিষা কোৱৰে সমূহ শিক্ষক - শিক্ষয়িত্ৰীক শুভেচ্ছা আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4beab7b8-8ed6-432f-b3d4-e1ad553cff41/WhatsApp_Image_2022_11_06_at_8_52_58_AM.jpeg)
বিদ্যালয়ৰ এনে সংযোজন আৰু পদক্ষেপত স্হানীয় লোকে ভূয়সী প্রশংসা কৰে, লগতে এনে ধৰনৰ ব্যৱস্থাই ছাত্র - ছাত্রীৰ প্রতিভা বিকাশত যথেষ্ট সহায় কৰিব বুলি মতামত প্রকাশ কৰে।