/asomiyapratidin/media/media_files/2025/01/18/NRSnFhvFmRJTpEgg2IBg.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ অসমত বসবাস কৰা আদিবাসী সকলৰ স্বধৰ্ম আৰু বিপন্ন দিশে গতি কৰা আদিবাসী সমাজৰ পৰম্পৰাগত কলা সংস্কৃতি, স্বকীয়তা সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যত শুকুৰবাৰে "সদৌ অসম আদিবাসী মহাসভা" নামৰ এক নতুন জাতীয় সংগঠন গঠন কৰা হয় ।
চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ কুকুৰমাৰীস্থিত মুছাহাৰী বিবাহ ভৱনত অনুষ্ঠিত হয় এক অভিবৰ্তন । কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, শোণিতপুৰ, ওদালগুৰী, ধুবুৰী জিলাৰ পৰা অহা আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে উক্ত অভিবৰ্তনত । কোঁৱৰ মাৰ্ডিৰ সভাপতিত্বত অনুষ্ঠিত অভিবৰ্তনৰ জৰিয়তে কোকৰাঝাৰ জিলাৰ জেঠা হাছদাক সভাপতি আৰু চিৰাং জিলাৰ ৰাজেন বাৰাক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ অসম আদিবাসী মহাসভাৰ ৩১ জনীয়া কাৰ্য্যকৰী সমিতি গঠন কৰা হয়।
অভিবৰ্তনৰ অন্তত নৱগঠিত সংগঠনটোৰ সভাপতি জেঠা হাছদাই সংবাদ মাধ্যমৰ আগত কয় যে বিগত সময়ত বিভিন্ন কাৰণত অসমত বসবাস কৰা বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ অন্তৰ্গত চাওঁতাল, উৰাও, মুণ্ডা, গৌড়, খাৰিয়া, হ' , মালেহ, কামাৰ, চাউৰা ভূমিজ আদি জনগোষ্ঠীৰ লোক সকলে নিজৰ স্বধৰ্ম ত্যাগ কৰি অইন ধৰ্মত ধৰ্মান্তৰিত হোৱাৰ ফলত হিন্দু ধৰ্মালম্বী আদিবাসী সকলে নিজৰ স্বকীয়তা লগতে সাতামপুৰুষীয়া পৰম্পৰাগত জীৱনশৈলী, কলা-সংস্কৃতি হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈ পৰিছে।
তেওঁ লগতে কয় যে, দুখীয়া,দৰিদ্ৰ আদিবাসী লোকসকলৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ অইন ধৰ্মৰ লোকে বিভিন্ন প্ৰলোভন আৰু চক্ৰান্ত কৰি ধৰ্মান্তৰিত কৰাৰ কাৰ্য্যত লিপ্ত হোৱা আমি দেখিবলৈ পাইছো । এনে এক পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলি আমাৰ আদিবাসী হিন্দু সকলক সুৰক্ষা দিয়াৰ উপৰি আদিবাসী সকলৰ পৰম্পৰাগত কলা সংস্কৃতিক সুৰক্ষিত ৰাখিবলৈ আমাৰ আদিবাসী সকলৰ বহুধাবিভক্ত জনগোষ্ঠীয় লোক সকলক একত্ৰিত কৰি যৌথ মঞ্চ গঠন কৰাৰ এক চিন্তা চৰ্চা দীৰ্ঘদিনৰ পৰা চলি আছিলে আৰু আজি সেই লক্ষ্যৰেই বিভক্ত হৈ থকা আদিবাসী সকলক একেটা মঞ্চত আনি এই নতুন সংগঠন গঠন কৰা হৈছে । মুঠ সাতখন জিলাৰ প্ৰতিনিধি সকলক লৈ এক অভিবৰ্তন অনুষ্ঠিত কৰি এখন তদৰ্থ সমিতি গঠন কৰা হৈছে আৰু আগলৈ অসমৰ অন্যান্য জিলাত গৈ সভা সমিতি অনুষ্ঠিত কৰি নৱগঠিত সংগঠনটোৰ পৰিসৰ বৃদ্ধি কৰি এক পূৰ্ণাংগ সমিতি গঠন কৰা হ’ব বুলি জানিবলৈ দিয়ে জেঠা হাছদাই ।
সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজেন বাৰাই কয় যে, সংগঠনটোৱে লক্ষ্য ৰাখিব যাতে কোনো আদিবাসী লোকে নতুনকৈ আৰু ধৰ্মান্তৰিত নহয় ।এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি গাঁৱে-ভুঞে প্ৰৱেশ কৰি ইতিমধ্যেই ধৰ্মান্তৰিত হোৱা পৰিয়ালক বুজনি দি যথাসম্ভৱ স্বধৰ্মলৈ ঘূৰাই অনাৰ প্ৰয়াসেৰে কাম কৰি যাব বুলি সদৰি কৰে সম্পাদকগৰাকীয়ে ।