উৰিয়াগাঁৱত ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা...

নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক যুৱকবৃন্দৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ থকা  ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাত উৰিয়া গাঁও ইলেভেন ষ্টাৰ ক্লাৱ আৰু গোমোঠা গাঁও ৰয়েল ষ্টাৰ ক্লাৱে ফাইনেল খেলত প্ৰবেশ কৰিছে

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁৱত ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

উৰিয়াগাঁৱত ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক যুৱকবৃন্দৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ থকা  ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাত উৰিয়া গাঁও ইলেভেন ষ্টাৰ ক্লাৱ আৰু গোমোঠা গাঁও ৰয়েল ষ্টাৰ ক্লাৱে ফাইনেল খেলত প্ৰবেশ কৰিছে । বৃহস্পতিবাৰে প্ৰতিযোগিতাখনৰ অন্তিমখন লীগত চুতীয়া গাঁও হাৰিকেন ইলেভেন ষ্টাৰ ক্লাৱে উৰিয়া গাঁও ইলেভেন ষ্টাৰ ক্লাৱক ৪ৰানত পৰাস্ত কৰে যদিও নেট ৰান ৰেট কম হোৱা হেতুকে চুতীয়া গাঁও হাৰিকেন ইলেভেন ষ্টাৰ ক্লাৱ প্ৰতিযোগিতাখনৰ ফাইনেল খেলত অংশগ্রহণৰ পৰা বঞ্চিত হয়।

Advertisment

উল্লেখ্যযোগ্য যে প্ৰথমে বেট ধৰি চুতীয়া গাঁও হাৰিকেন ইলেভেন ষ্টাৰ ক্লাৱে ১৫ অভাৰত ৯ টা উইকেটৰ বিনিময়ত ১৮৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ দেৱাশীষ বৰাই সৰ্বাধিক ৭০ ৰান কৰে।

প্ৰত্যুত্তৰত উৰিয়া গাঁও ইলেভেন ষ্টাৰ ক্লাৱে নিৰ্ধাৰিত অভাৰত ৭ টা উইকটৰ বিনিময়ত ১৮০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ শশাংক ফুকনে ৪৬ ৰান আৰু দীপাংকৰ বৰাই ৪৬ ৰান সংগ্ৰহ কৰে। অহা ২২ ফেব্ৰুৱাৰী শনিবাৰে প্ৰতিযোগিতাখনৰ চুড়ান্ত খেলখন অনুষ্ঠিত হ'ব।

cricket uriyagaon