/asomiyapratidin/media/media_files/2025/08/02/titabor-2025-08-02-20-38-19.jpg)
ডিজিটেল সংবাদ বেকাজান: গ্ৰীষ্মকালীন বন্ধৰ সুযোগ লৈ তিতাবৰৰ ঐতিহ্যমণ্ডিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তলা ভাঙি যোৱা শুকুৰবাৰে বিদ্যালয়ত সামগ্ৰী চোৰ কৰা এটা চোৰক আজি তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চি চি টিভিৰ ভিডিঅ’ চাই তিতাবৰ চৰাইপানীৰ ভাৰ্গব বৰা ওৰফে বিষ্ণু বৰা নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰে।
এই ভাৰ্গব বৰাই যোৱা শুকুৰবাৰে নিশা মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ তলা ভাঙি বিদ্যালয়ৰ চি চি টিভিৰ ডিভি আৰ, তিনিটাকৈ টেবলেট চোৰ কৰাৰ লগতে কেইবাটাও কম্পিউটাৰৰ চি পি ইউ নষ্ট কৰিছিল। এই সমগ্ৰ চুৰিকাণ্ড বন্দী হৈছিল চি চি টিভি কেমেৰাত।
আজি তিতাবৰ আৰক্ষীয়ে চৰাইপানী চুইচ গেটৰ সমীপৰ পৰা ভাৰ্গব বৰা ওৰফে বিষ্ণু বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা চুৰি টেবলেট ক্ৰয় কৰা আজিজুল হক আৰু অনুপ জ্যোতি ভৰালীক গ্ৰেপ্তাৰ কৰিছে।