/asomiyapratidin/media/media_files/2025/07/20/ooooooooo-2025-07-20-13-23-25.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ সেৱা বাহিনীৰ উদ্যোগত আৰু কামপুৰ ৰাজহ চক্ৰবিষয়া, কামপুৰ বন বিভাগৰ লগতে কঠীয়াতলী-তেঁতেলীসৰা আঞ্চলিক শাখাৰ সহযোগত এক গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হয়।
কামপুৰ-কঠীয়াতলী পথৰ তেঁতেলীসৰা দলঙৰ পৰা বুকলঙলৈ মুঠ তিনিকিলোমিটাৰ পথৰ কাষত প্ৰায় তিনিশ গছপুলি ৰোপণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/20/whatsapp-imag-2025-07-20-13-24-36.jpeg)
এই উপলক্ষে কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাৰ সভাপতিত্বত অনুস্থিত সভাত সংঘৰ বহু কেইগৰাকী বিষয়-ববীয়াৰ লগতে নগাঁও নাগৰিক মঞ্চৰ সম্পাদক বিৰিঞ্চি বৰা, তেঁতেলীসৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী প্ৰীতি দাস, কঠীয়াতলী পঞ্চায়তৰ সভানেত্ৰী অঞ্জনা ভূঞা, কঠীয়াতলী আঞ্চলিক পঞ্চায়তৰ সদস্য হেমন্ত কুমাৰ দাস, প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়া আদিৰ লগতে শ্ৰীমন্ত শংকৰ সংঘৰ কামপুৰ জিলা শাখাৰ সেৱা বাহিনীৰ সদস্যসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us