/asomiyapratidin/media/media_files/2025/07/09/349-2025-07-09-16-40-09.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ মংগলবৰীয়াত বুধবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ নদুৱাৰ মণ্ডলৰ উদ্যোগত গছপুলি ৰোপণ আৰু চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই উপলক্ষে পুৱাই যুৱ মৰ্চা আৰু মংগলবৰীয়া চেন্টাৰ কমিটিয়ে স্থানীয় ৰাইজক লৈ অঞ্চলটোত চাফাই অভিযান চলায়।
অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেওঁ এটি মূল্যৱান গছৰ পুলি ৰোপনৰ জৰিয়তে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ।
বিধায়কগৰাকীয়ে কয় যে, গছ থাকিলেহে মানুহ থাকিব৷ আমি প্ৰত্যেকেই নিজৰ নিজৰ ঘৰৰ চৌহদত গছপুলি ৰোপণ কৰাটো প্ৰয়োজন ৷ গছৰ পুলি কেৱল ৰুলেই নহ’ব আমি এই গছৰ পুলিসমূহক নিজৰ সন্তানৰ দৰেই লালন- পালন কৰিবও লাগিব।
ইয়াৰ লগতে বিধায়ক পদ্ম হাজৰিকাই মংগলবৰীয়া খেলপথাৰ উন্নয়নৰ বাবে ৩৭ লাখ টকাৰ অনুদান আগবঢ়ায়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে উত্তৰ নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি কিশোৰ দাহাল, উত্তৰ মুঢ়াদল গাওঁ পঞ্চায়তৰ সভানেত্ৰী সবিতা কাৰ্কি, মুঢ়াদল জিলা পৰিষদ সদস্যা ৰেণুকা দেৱী, আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰশ্মি থাপা,জ্যেষ্ঠ বিজেপি নেতা গৌতম লাহণ, নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডা° আকাশদ্বীপ কাকতিয়ে৷