/asomiyapratidin/media/media_files/2025/04/18/0pC7FBsy7kCPAyBHqIII.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ ধোৰাৰঘাট গাঁৱৰ প্ৰায় ৫০০ বছৰ পুৰণি বট গছৰ তলত শুকুৰবাৰে গঞা ৰাইজে গছ বিহু উদযাপন কৰে। ধুবুৰীৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক সংগঠন 'কল্পতৰু'ৰ উদ্যোগত এই গছ বিহু আজি পালন কৰা হয়।
উল্লেখযোগ্য যে, ধোৰাৰঘাট গাঁওখনত থকা এই অতি পুৰণি বট গছ স্থানীয় গাঁওবাসী ৰাইজৰ বাবে হৈ পৰিছে আস্থাৰ প্ৰতীক । স্থানীয় ৰাইজৰ মতে অতি পুৰণি এই বট গছজোপাক লৈ ৰাইজে সুখ অনুভৱ কৰে। কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষৰ ইতিহাস গছ জোপাই ধৰি ৰাখিছে।
খুব সম্ভৱতঃ কোচ ৰজাৰ শাসন কালৰ সময়ত এই পুৰণি বট গছ জোপাৰ সূচনা হৈছিল বুলি অঞ্চলটোৰ প্ৰবীণ লোক সকলৰ মুখত শুনিবলৈ পোৱা যায়। বিগত ২৯ বছৰে এজোপা গছক বিহুৱান পিন্ধাই ,সকলোৱে হাতে হাতে গছপুলি লৈ বিশেষকৈ গছক উদ্দেশ্য কৰি বিহুগীত গাই নাচি ৰাইজক গছপুলি ৰোপণৰ প্ৰতি সজাগ, সচেতন কৰাৰ লক্ষ্যৰে কল্পতৰু নামৰ প্ৰকৃতি সংগঠনটিয়ে গছ বিহু উদযাপন কৰে ।