Advertisment

শিৱসাগৰৰ সজাগতা সভাত পৰিবহণ মন্ত্ৰী যোগেন মহন

সভাত মুখ্য অতিথি হিচাপে উপস্থিতি থাকে পৰিবহণ মন্ত্ৰী যোগেন মহন। মন্ত্ৰীগৰাকীয়ে সকলোকে যান- বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনায় । লগতে সম্প্ৰতি পথ দুৰ্ঘটনাত কোনো লোক আহত হ'লে চৰকাৰে চিকিৎসাৰ বাবে খৰচ বহন কৰে বুলি সদৰী কৰে।  

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ সজাগতা সভাত পৰিবহণ মন্ত্ৰী যোগেন মহন

শিৱসাগৰৰ সজাগতা সভাত পৰিবহণ মন্ত্ৰী যোগেন মহন

ডিজিটেল সংবাদ, শিৱসাগৰ : ৰাজ্যত যোৱা ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ -২০২৫ ৰ লগত সংগতি ৰাখি সোমবাৰে শিৱসাগৰৰ পৰিৱহণ নিগমৰ বাছ আস্থানত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয় আৰু উজনি অসম বাছ মালিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই পথ সজাগতা সভা।

Advertisment

সভাত মুখ্য অতিথি হিচাপে উপস্থিতি থাকে পৰিবহণ মন্ত্ৰী যোগেন মহন। মন্ত্ৰীগৰাকীয়ে সকলোকে যান- বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনায় । লগতে সম্প্ৰতি পথ দুৰ্ঘটনাত কোনো লোক আহত হ'লে চৰকাৰে চিকিৎসাৰ বাবে খৰচ বহন কৰে বুলি সদৰী কৰে।  

সভাৰ পিছতে পথ সজাগতাৰ উদ্দ্যেশ্য কৰা এখন বাটৰ নাটো উপভোগ কৰে মন্ত্ৰীগৰাকীয়ে । আজিৰ এই অনুষ্ঠানত ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Jogen Mahan