বকোত নিশা পৰিবহন বিভাগৰ মদ্যপায়ী চালকৰ বিৰূদ্ধে তাৎক্ষনিক অভিযান

বকোত নিশা পৰিবহন বিভাগৰ মদ্যপায়ী চালকৰ বিৰূদ্ধে তাৎক্ষনিক অভিযান
বকোত নিশা পৰিবহন বিভাগৰ মদ্যপায়ী চালকৰ বিৰূদ্ধে তাৎক্ষনিক অভিযান

ডিজিটেল সংবাদ ছমৰীয়া: সমাগত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীলৈ লক্ষ্য ৰাখি বিশেষভাৱে সষ্টম হৈছে ৰাজ্যৰ পৰিবহন বিভাগ। বিগত বৰ্ষৰ তুলনাত এইবেলি যাতে দুৰ্ঘটনাৰ পৰিমান হ্ৰাস অথবা শূণ্য কৰিব পাৰে তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা লোৱা হৈছে বিশেষ ব্যৱস্থা।

যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধ অধিক কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীৰ যান-বাহন শাখাৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈ জাৰি কৰিছে নিৰ্দেশনা।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতে সষ্টম হৈ পৰিছে পৰিবহন বিভাগ। যান-বাহন আইন উলংঘাকাৰীক এশিকনি দিবলৈ ইতিমধ্যে গঠন কৰা হৈছে ‘মিছন কুৰুক্ষেত্ৰ’।যাৰ জৰিয়তে ৰাজপথত অভিযান চলাই সুৰাপায়ী-আইন উলংঘাকাৰীক কঠোৰ শাস্তি বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

শীত অহাৰ লগে লগেই যেন বৃদ্ধি পাবলৈ লয় দুৰ্ঘটনাৰ সংখ্যা। আনহাতে একাংশ লোকে পৰিবহন আইন উলংঘা কৰি হেলমেট পৰিধান নকৰি অথবা চাৰিচকীয়া বাহনত চিট বেল্ট নলোৱাকৈ অথবা সুৰা সেৱন কৰি গাড়ী চলোৱাৰ ফলত বৃদ্ধি পাবলৈ লৈছে দুৰ্ঘটনাসমূহ।

এই দুৰ্ঘটনাসমূহৰ কাৰকসমূহ নিৰ্মূল কৰাৰ বাবে শুকুৰবাৰে নিশা তাৎক্ষনিকভাৱে বকোৰ ৰাজপথত কামৰূপ জিলা পৰিবহন বিভাগে বকো আৰক্ষীৰ সহযোগত তালাচি চকী বহুৱাই। এই তালাচি চকীত প্ৰতিখন যান বাহনৰ নথি-পত্ৰ নিৰীক্ষন কৰাৰ লগতে মদ্যপায়ী চালক সকলক জৰিমনা বিহে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in