দুটা দিনে বিকল চিলাপথাৰ মডেল  হাস্পতালৰ ট্ৰান্সফৰ্মাৰ

বৃহস্পতিবাৰৰ পৰা চিলাপথাৰ আদৰ্শ হাস্পতালৰ একমাত্ৰ ট্ৰান্সফৰ্মাৰটো বিকল হৈ থকাত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা। বৃহত্তৰ অঞ্চলটোৰ লক্ষাধিক লোকৰ আশা আৰু ভৰষা ৩০ খন বিছনাযুক্ত হস্পিটেলখনলৈ  চিকিৎসাৰ বাবে আহি মহা সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ।

author-image
Asomiya Pratidin
New Update
দুটা দিনে বিকল চিলাপথাৰ মডেল  হাস্পতালৰ ট্ৰান্সফৰ্মাৰ

দুটা দিনে বিকল চিলাপথাৰ মডেল  হাস্পতালৰ ট্ৰান্সফৰ্মাৰ

ডিজিটেল সংবাদ, চিলাপথাৰ : বৃহস্পতিবাৰৰ পৰা চিলাপথাৰ আদৰ্শ হাস্পতালৰ একমাত্ৰ ট্ৰান্সফৰ্মাৰটো বিকল হৈ থকাত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা। বৃহত্তৰ অঞ্চলটোৰ লক্ষাধিক লোকৰ আশা আৰু ভৰষা ৩০ খন বিছনাযুক্ত হস্পিটেলখনলৈ  চিকিৎসাৰ বাবে আহি মহা সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ।

অসুখত আক্ৰান্ত হৈ দূৰ দূৰণিৰ পৰা চিকিৎসা বাবে অহা ৰোগীয়ে বিদ্যুৎ সৰবৰাহ বন্ধ হোৱাৰ ফলত সময়মতে কৰাব পৰা নাই এক্সৰে,ই চি জি'ৰ লগতে বিভিন্ন পৰীক্ষা নিৰীক্ষা। 
বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ থকাত মম জ্বলাই ৰোগী আৰু অভিভাৱকে নিশাটো পাৰ কৰা বুলি জানিব পৰা গৈছে।

সমস্যাৰ সন্মুখীন হোৱা সাধাৰন ৰোগীয়ে বিদ্যুৎ বিভাগৰ সৈতে বহু যোগাযোগ কৰিও সুফল লাভ কৰা নাই। হাস্পতালৰ কৰ্তৃপক্ষই বিষয়টোৰ ওপৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপিত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

silapathar