/asomiyapratidin/media/media_files/2025/02/28/K9kP7reT0RKxBvnfobpB.jpg)
ধুবুৰী জিলাৰ ২৮ জন লাট মণ্ডলক বদলিৰ নিৰ্দেশ
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে জিলাখনৰ বিলাসীপাৰা, চাপৰ, আঠআনি, গোলকগঞ্জ , আগমনি, দক্ষিণ শালমাৰাকে ধৰি ধুবুৰী আৰু গৌৰীপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ জন লাট মণ্ডলক বদলিৰ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পিছতে ধুুবুৰী আৰু গৌৰীপুৰ ৰাজহ চক্ৰৰ একাংশ লাট মণ্ডলে জিলা আয়ুক্তৰ উক্ত নিৰ্দেশক আওকাণ কৰি বদলিৰ নিৰ্দেশ স্থগিত কৰি ৰখাৰ বাবে আপ্ৰাণ চেষ্টা চলাই থকা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।
সূত্ৰটোৰ মতে ধুবুৰী আৰু গৌৰীপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দীৰ্ঘদিনে কাম কৰি থকা প্ৰায় ৮ জন লাট মণ্ডলে জিলা আয়ুক্তৰ উক্ত নিৰ্দেশ পোৱাৰ পিচতে যেনি-তেনি উক্ত নিৰ্দেশ স্থগিত কৰাৰ বাবে গুৱাহাটীৰ ওপৰ মহললৈকেও যোগাযোগ চলাই থকা বুলি সূত্ৰটোৱে ব্যক্ত কৰিছে। উল্লেখ্য যে যোৱা ২৬ ফেব্ৰুৱাৰীত জিলা আয়ুক্ত দিবাকৰ নাথে এক নিৰ্দেশযোগে পত্ৰ নং ডিআৰএছ -৩২/ ২০১৯/ ৪৬ তাং ২৬/২/২০২৫ মৰ্মে ২৮ জনকৈ লাট মণ্ডলক বদলিৰ নিৰ্দেশ দিছিল।