১৪৬ জন ভূমিলেখ্য সহায়ক আৰু ভূমিলেখ্য পৰ্যবেক্ষকক বদলি

নগাঁৱৰ সাতটাকৈ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত লাগিছে হাহাকাৰ । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বদলি কৰিলে ১৪৬ গৰাকীকৈ ভূমিলেখ্য সহায়ক আৰু ভূমিলেখ্য পৰ্যবেক্ষকক ।

author-image
Asomiya Pratidin
New Update
345

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ সাতটাকৈ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত লাগিছে হাহাকাৰ । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বদলি কৰিলে ১৪৬ গৰাকীকৈ ভূমিলেখ্য সহায়ক আৰু ভূমিলেখ্য পৰ্যবেক্ষকক ।

এই তালিকাত আছে একে স্থানত ২৭/২৮ বছৰলৈকে থকা কৰ্মচাৰীক । যি সকল কৰ্মচাৰীক অজ্ঞাত কাৰনত আগৰ প্ৰশাসক সকলে চকী লৰ-চৰ কৰিব পৰা নাছিল । কিন্তু আয়ুক্ত দেৱাশীষ শৰ্মাই শনিবাৰে জাৰি কৰা নিৰ্দেশৰ পিছতে দেওবাৰৰ দিনটোত হাহাকাৰ লাগে এল আৰ এ আৰু এল আৰ এছ সকলৰ মাজত । 

এই নিৰ্দেশনাৰ পিছতে আয়ুক্তগৰাকীয়ে আগন্তুক এমাহলৈ এক বিশেষ আদালতত বহাব নিজৰ কাৰ্যালয়ৰ কক্ষত । পুৱা দহবজাৰ পৰা নিশা আঠ বজালৈকে বহিব এই আদালতখনি । চৰকাৰী কাম- কাজৰ সময়ৰ বাহিৰে এই আদালতত আয়ুক্তই নিজে ৰাইজৰ মাটি সম্পৰ্কীয় ওজৰ আপত্তি গ্ৰহণ কৰিব । 

বিশেষকৈ চৰকাৰী কাৰ্যালয়ত ৰাইজৰ মাটি সম্পৰ্কীয় কামৰ চৰকাৰী ফাইলৰ অগ্ৰগ্ৰতি নোহোৱাকৈ যদি আছে সেই ক্ষেত্ৰত আয়ুক্তক অভিযোগ দিব পাৰিব । বিধিগতভাৱে কৰিব পৰা কাম কৰ্মচাৰীয়ে নকৰি পেলাই যদি থৈছে সেই ক্ষেত্ৰত অভিযোগ পালে ব্যৱস্থা গ্ৰহণ কৰিব আয়ুক্তই । সেয়ে আয়ুক্ত শৰ্মাই সকলো লোকৰ সহায় বিচাৰিছে ।

nagaon