অসমৰ চাৰিটা স্থানত অনুষ্ঠিত হ'ব প্ৰতিদিন বিহুৰে বিৰিণা session 10ৰ অডিছন

প্ৰতি বৰ্ষৰ দৰে এইবেলিও ট্ৰেণ্ডছৰ সহযোগত প্ৰতিদিন টাইমৰ উদ্যোগত অনুষ্ঠিত হ'ব Trend's প্ৰতিদিন বিহুৰে বিৰিণা ।  অসমৰ চাৰিটা স্থানত অনুষ্ঠিত হ'ব অডিছন । বিহুৱতী, সৰু বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতাৰ বাবে আয়োজন কৰা হৈছে এই অডিছন ।

author-image
Asomiya Pratidin
New Update
Trends প্ৰতিদিন বিহুৰে বিৰিণা session-10

Trends প্ৰতিদিন বিহুৰে বিৰিণা session-10

ডিজিটেল ডেস্ক: ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা session-10  । প্ৰতি বৰ্ষৰ দৰে এইবেলিও ট্ৰেণ্ডছ (Trends)ৰ সহযোগত প্ৰতিদিন টাইমৰ উদ্যোগত অনুষ্ঠিত হ'ব Trend's প্ৰতিদিন বিহুৰে বিৰিণা ।  অসমৰ চাৰিটা স্থানত অনুষ্ঠিত হ'ব প্ৰতিদিন বিহুৰে বিৰিণা session 10ৰ অডিছন । বিহুৱতী, সৰু বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতাৰ বাবে আয়োজন কৰা হৈছে এই অডিছন ।

Advertisment

 ২২ মাৰ্চত ডিব্ৰুগড় চহৰৰ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই বৰ্ষৰ Trends প্ৰতিদিন বিহুৰে বিৰিণা season 10ৰ প্ৰথমটো অডিচন। ২৯ মাৰ্চত তেজপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব অডিচন, ৬ এপ্ৰিলত বঙাইগাঁওৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত আৰু ১২এপ্ৰিলত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব বৰবিহুৱতী আৰু সৰু বিহুৱতীৰ অডিছন । ইফালে ১৩ এপ্ৰিলত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব বিহু হুচৰি দলৰ অডিছন । 

অধিক তথ্যৰ বাবে আগ্ৰহী প্ৰতিযোগিসকলে যোগাযোগ কৰিব পাৰিব- 6000610269 নম্বৰত । প্ৰতিযোগীসকলে অডিছনৰ স্থানলৈ আহি কৰিব পাৰিব পঞ্জিয়ন । এইবাৰৰ প্ৰতিদিন বিহুৰে বিৰিণা Session 10ত  বিজয়ীয়ে লাভ কৰিব মুঠ ৮ লাখ টকাৰ পুৰষ্কাৰ ।  এইবাৰৰ এই প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰিব বিহু সম্ৰাজ্ঞী সীতাৰাণী হাজৰিক, উৰ্মিমালা দুৱৰা আৰু বিহু সাধক পঞ্জিত চাংমায়ে।

bihu pratidin time bihure birina