/asomiyapratidin/media/media_files/2025/03/12/zfFJnBIidTPit4ew5xxY.jpg)
বটদ্ৰৱা উন্নয়ন খণ্ডৰ সহযোগত প্ৰাকৃতিক চাবোন প্ৰস্তুত আৰু স্ক্ৰিন প্ৰিণ্টিঙৰ প্ৰশিক্ষণ কাৰ্য্যসূচী
ডিজিটেল সংবাদ, বটদ্ৰৱা : কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আৰু বটদ্ৰৱা উন্নয়ন খণ্ডৰ সহযোগত বুধবাৰে প্ৰাকৃতিক চাবোন প্ৰস্তুত আৰু স্ক্ৰিন প্ৰিণ্টিঙৰ প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হয়। বটদ্ৰৱা উন্নয়ন খণ্ডৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকাই।
ডেকাই কয়- "স্বনিয়োজনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বৰ বাবে চাবোনৰ ব্যৱসায় আৰু স্ক্ৰিন প্ৰিণ্টিঙৰ জৰিয়তে কেৱল এগৰাকী মহিলা স্বাৱলম্বী হোৱাই নহয়, অঞ্চলটোৰ বহু নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুযোগো প্ৰদান কৰিব পাৰি। মাত্ৰ ২-৩ হাজাৰ টকাৰ মূলধনেৰে আৰম্ভ কৰা এই ব্যৱসায়ে চাৰি বছৰৰ কঠোৰ পৰিশ্ৰম কৰি বৰ্তমান লক্ষাধিক টকা অৰ্জন কৰাৰ বহু উদাহৰণ আছে বুলি উৎসাহ প্ৰদান কৰে।
অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সামূহিক বিজ্ঞান বিশেষজ্ঞা তথা প্ৰশিক্ষণৰ সমন্বয়ক আছফিকা ইছলামে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিভাৱে চাবোন প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ কৌশল বিশ্লেষণ কৰে। বৰ্তমান সময়ত নতুন কাপোৰৰ ফেশ্বনৰ এক গুৰুত্বপূৰ্ণ বিষয় স্ক্ৰিন প্ৰিণ্টিঙৰ ব্যবসায় কৰি স্বাৱলম্বী হোৱাৰ পৰামৰ্শ প্ৰদান কৰে।
উল্লেখযোগ্য যে হাতে কামে অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীত বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ টা পঞ্চায়তৰ বহু কেইগৰাকী উদ্যম মহিলাই অংশগ্ৰহণ কৰে।