খেৰণিত অংগনবাড়ী কৰ্মীক প্ৰশিক্ষণ প্ৰদান

ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ অংশ হিচাপে শিশু উন্নয়ন প্ৰকল্পৰ ৰংখাং খণ্ড আৰু চচেং খণ্ডৰ অধীনৰ অংগণবাড়ী কেন্দ্ৰৰ অংগনবাড়ী কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । 

author-image
Asomiya Pratidin
New Update
sgyfj

ডিজিটেল সংবাদ, খেৰণি : শিশুৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অংগনবাড়ী কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ অংশ হিচাপে শিশু উন্নয়ন প্ৰকল্পৰ ৰংখাং খণ্ড আৰু চচেং খণ্ডৰ অধীনৰ অংগণবাড়ী কেন্দ্ৰৰ অংগনবাড়ী কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । 

Advertisment

মহিলা আৰু শিশু বিকাশ বিভাগ, অসমৰ সৌজন্যত আৰু এছ চি ই আৰ টিৰ সহযোগত অনুষ্ঠিত কৰা হয় এই প্ৰশিক্ষণ শিবিৰ। ৬০ দিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰশিক্ষণ শিবিৰত শিশু উন্নয়ন প্ৰকল্পৰ ৰংখাং খণ্ড অধীনৰ ২০ গৰাকী আৰু চচেং খণ্ডৰ অধীনৰ ২৪ গৰাকী অৰ্থাৎ মুঠ ৪৪ গৰাকীকৈ কৰ্মীক বিশেষকৈ শিশুৰ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। 

প্ৰাক-শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষাই হৈছে জন্মৰ পৰা আঠ বছৰ বয়সৰ ভিতৰত শিশুৰ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক আৰু বৌদ্ধিক বিকাশৰ বাবে কৰা যত্ন আৰু শিক্ষা। ইয়াৰ ভিতৰত স্বাস্থ্যসেৱা, পুষ্টি, সুৰক্ষা আৰু শৈক্ষিক কাৰ্যকলাপ আদি অন্তৰ্ভুক্ত। 

উল্লেখযোগ্য যে আয়োজিত শিবিৰত প্ৰশিক্ষক হিচাপে শিশু উন্নয়ন প্ৰকল্পৰ ৰংখাং খণ্ড আৰু চচেং খণ্ডৰ জ্যেষ্ঠ পৰিদৰ্শীকা ক্ৰমে প্ৰেমলতা গিৰী, যমুনা দেৱী, সুস্মিতা বৰ্মন, গৌৰী দেৱীয়ে অংগণবাড়ী কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। লগতে শিবিৰত অনুষ্ঠিত কৰা সমগ্ৰ প্ৰশিক্ষণ প্ৰক্ৰিটোক সামগ্ৰিকভাৱে নিৰীক্ষণ কৰে শিশু উন্নয়ন প্ৰকল্পৰ ৰংখাং আৰু চচেং খণ্ডৰ প্ৰকল্প বিষয়া ক্ৰমে অসীমজ্যোতি শৰ্মা আৰু কৰৱী ক্ৰপিয়ে।

খেৰণি