Advertisment

বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্য : টুপিয়াত চলিছে সমষ্টি ভিত্তিক ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ

নদুৱাৰ আটছা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিশেষ তৎপৰতাত চাৰিদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত ঝুমুৰ প্ৰশিক্ষণ কৰ্মশালাখনিত নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫০ ৰো অধিক চাহজনগোষ্ঠীয় যুৱক -যুৱতীয়ে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্য : টুপিয়াত চলিছে সমষ্টি ভিত্তিক ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ

বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্য : টুপিয়াত চলিছে সমষ্টি ভিত্তিক ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ

ডিজিটেল সংবাদ, জামুগুৰিহাট : বাপতিসাহোন বিহুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ পিচত এইবাৰ আদিবাসী -চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত স্থান দখল কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ প্ৰচেষ্টা চলাইছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে৷ এই উদ্দেশ্য নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ টুপিয়া সামূহিক ভৱন প্ৰাংগনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত “ঝুমইৰ বিনন্দিনী” শীৰ্ষক কাৰ্য্যসূচীৰ অধীনত সমষ্টি ভিত্তিক ঝুমইৰ নৃত্যৰ প্ৰশিক্ষণ চলিছে৷

Advertisment

নদুৱাৰ আটছা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিশেষ তৎপৰতাত চাৰিদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত ঝুমুৰ প্ৰশিক্ষণ কৰ্মশালাখনিত নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫০ ৰো অধিক চাহজনগোষ্ঠীয় যুৱক -যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ আখৰাৰ মঙলবাৰৰ প্ৰথম দিনাৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাই৷

বুধবাৰে দ্বিতীয় দিনাৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানৰ কাৰ্য্যসূচী শুভ উদ্ধোধন কৰে নদুৱাৰ ৰাজহচক্ৰ বিষয়া আকাশদ্বীপ কাকতিয়ে৷ এই “ঝুমইৰ বিনন্দিনী” অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেওঁ প্ৰশিক্ষণত যোগদান কৰা চাহ জনগোষ্ঠীয় যুৱক- যুৱতীসকলক সৰ্ব্বাংগ সুন্দৰ ৰূপত ঝুমুৰ গীত- নৃত্য পৰিবেশন কৰি সফলতা অৰ্জন কৰাৰ হেতু উৎসাহ অনুপ্ৰেৰণা যোগায়৷

বিধায়কগৰাকীয়ে নিজে ঝুমুৰ দলসমূহৰ লগত নাচি- বাগি মতলীয়া হৈ পৰাও পৰিলক্ষিত হয় ৷ উদ্যোক্তাসকলে জনোৱা মতে এইসকল চাহ জনগোষ্ঠীয় যুৱক -যুৱতীৰ মাজৰ পৰা ৬৪ গৰাকীক নিৰ্বাচিত কৰি তেওঁলোকক উপযুক্তভাৱে প্ৰশিক্ষণ প্ৰদান কৰি জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হ’ব ।

চাহ জনগোষ্ঠীয় অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদানৰ অন্তত আয়োজিত ঝুমুৰ প্ৰতিযোগিতাত দুগৰাকী বিচাৰকে এইসকলক নিৰ্বাচন কৰিব । ৩১ জানুৱাৰীত সামৰণি পৰিব লগা এই ঝুমুৰ নৃত্য প্ৰশিক্ষণত উত্তীৰ্ণ হৈ জিলা পৰ্য্যায় আৰু তাৰ পিছত ৰাজ্যিক পৰ্যায়লৈ উন্নীত হোৱাৰ আশাৰে যুৱক -যুৱতীসকলে অনুশীলনত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। 

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষক তথা সমাজকৰ্মী নিতুমনি বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে। লগতে অঞ্চলটোৰ বহু কেইগৰাকী সাংস্কৃতিবান লোক উপস্থিত থাকে ৷

jamugurihat padma hazarika