/asomiyapratidin/media/media_files/2024/12/10/U8GFph9FzVTz41b0VMuz.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ আগন্তুক ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ তামিলনাডুৰ কইম্বাটোৰত অনুষ্ঠিত হ'ব ১৪ বছৰ অনুৰ্ধৰ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ। ল'ৰাৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অসম দলৰ প্ৰশিক্ষণ শিবিৰটো সোমবাৰৰে পৰা ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৌজন্যত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত ৰাজ্যিক যোগ কেন্দ্ৰ নিৰ্বাণ(নেহৰু যুৱ কেন্দ্ৰ)ত অনুষ্ঠিত কৰা হৈছে ।
ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত ৫ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব উক্ত প্ৰতিযোগিতাখনত। খেলখনত কাছাৰৰ অৰিহান চক্ৰবৰ্ত্তী, গোলাঘাটৰ ৰূপান্তৰ প্লাৱন বৰা, কামৰূপ মহানগৰৰ ময়ুৰ মণ্ডল, যোৰহাটৰ অংগৰাগ প্ৰিতম আৰু শিৱসাগৰৰ ৱাকিব ৰাজবি আলিয়ে অংশগ্ৰহণ কৰিব।
প্ৰশিক্ষক হিচাপে থাকিব পৰীস্মিতা বৰদলৈ আৰু অসিত চক্ৰবৰ্ত্তীয়ে পালন কৰিব মেনেজাৰৰ দায়িত্ব। এছিয়ান যোগ ৰেফাৰী মঞ্জুলা লস্কৰে মুকলি কৰা প্ৰশিক্ষণ শিবিৰটোত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক তপন শইকীয়াৰ লগতে মুখ্য প্ৰশিক্ষক ৰূপে প্ৰভাত চন্দ্ৰ বৰা, জয়া ৰাণী ডেকা, বি আৰ বৰা ইত্যাদি ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us