জাগীৰোডত ৰে'লৰ খুন্দাত নিহত এজন

জাগীৰোডৰ ৰে'লৱে উৰণ সেতুৰ তলত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। ঘটনাস্থলীত ৰে'লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জাগীৰোডঃ জাগীৰোডত নিশা ৰে'লৰ খুন্দাত নিহত হয় এজন পদপথৰ ব্যৱসায়ী । পদপথৰ পাচলি বিক্ৰেতাজন ৬৫বছৰীয়া বৰ্ধমান বিশ্বাস ।

Advertisment

নিহত বিশ্বাসৰ ঘৰ মহানগৰীৰ ক্ষেত্ৰীত বুলি জানিব পৰা গৈছে। নিশা ৰে'ল লাইন অতিক্ৰম কৰাৰ সময়তে  উজনিমুৱা নিউ তিনিচুকীয়া এক্সপ্ৰেছৰ খুন্দাত নিহত হয় লোকজন ।

জাগীৰোডৰ ৰে'লৱে উৰণ সেতুৰ তলত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। ঘটনাস্থলীত ৰে'লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

ৰে'ল দুৰ্ঘটনা