ডেকা সত্ৰাধিকাৰ ত্ৰৈলোক্য মহন্তৰ বিয়োগ

ত্ৰৈলোক্য মহন্তৰ বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত বিয়োগ ঘটে।

author-image
Asomiya Pratidin
New Update
ডেকা সত্ৰাধিকাৰ ত্ৰৈলোক্য মহন্তৰ বিয়োগ

ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ হাতীচোং মেধিচুকৰ শ্ৰীশ্ৰী ৰূপনাৰায়ন ব্ৰহ্ম সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা শৰণাচাৰ্য ত্ৰৈলোক্য মহন্তৰ বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।

Advertisment

সত্ৰ মহাসভাৰ লগত দীৰ্ঘদিন ধৰি জড়িত সত্ৰাধিকাৰ গৰাকী স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। স্বাস্থ্য বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ অসম সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলাৰ অন্তৰ্ভুক্ত শ্ৰীশ্ৰী ৰূপনাৰায়ন ব্ৰহ্ম সত্ৰৰ ডেকা সত্ৰাধিকাৰ হিচাপে দ্বায়িত্ব গ্ৰহণ কৰি মৃত্যুৰ সময়লৈকে ডেকা সত্ৰাধিকাৰ হিচাপে দ্বায়িত্ব পালন কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ,এক কন্যা সহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁৰ বিয়োগত স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিয়োগত সমগ্ৰ হাতীচোং অঞ্চলত শোকৰ ছাঁ পৰিছে।

assam Bebejia