জল অৰ্পন কৰা নহ'ল শিৱ লিংগত! দুৰ্ঘটনাত পতিত হৈ নিহত হ'ল ১১ জনকৈ ভক্ত...

মৃত লোক কেইজন মতিগঞ্জ থানাৰ ছিহাগাঁৱৰ বাসিন্দা। লগতে একেটা পৰিয়ালৰ। এই পথ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত ৫ গৰাকী মহিলা আৰু ৬ গৰাকী পুৰুষ বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ গোণ্ডাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গোণ্ডাৰ পৃথ্বীনাথ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খালত বাগৰি পৰে। উক্ত ঘটনাত থিতাতে ১১ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে মৃত লোক কেইজন মতিগঞ্জ থানাৰ ছিহাগাঁৱৰ একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। এই পথ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত ৫ গৰাকী মহিলা আৰু ৬ গৰাকী পুৰুষ। ইফালে দুৰ্ঘটনাত বাহন চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

লক্ষ্যণীয় যে, ধাৰাসাৰ বৰষুণৰ বাবে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাতো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। বলেৰ’খনত মুঠ ১৫জন লোকে যাত্ৰা কৰিছিল। শাওঁন মাহত পৃথ্বিনাথ মন্দিৰত পানী ঢালিবলৈ বুলি যাত্ৰা কৰিছিল দলটোৱে। 

উল্লেখ কৰা প্ৰয়োজন, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোণ্ডা জিলাত সংঘটিত হোৱা এই শোকাৱহ পথ দুৰ্ঘটনাৰ সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। লগতে তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ভুক্তভোগী পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। 

উত্তৰ প্ৰদেশ