Advertisment

ওদালগুৰিত কৰুণ ঘটনা : পৃথক পৃথক দুৰ্ঘটনাত প্ৰাণ গ’ল দুগৰাকীৰ...

বুধবাৰৰ দিনটোত ওদালগুৰি চহৰৰ নিকটৱৰ্তী দুটাকৈ পৃথক স্থানত সংঘটিত দুৰ্ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱায়। ঘটনাৰ প্ৰথম স্থান নলখামৰা গাঁও। পুৱা প্ৰায় ৫-৩০ বজাত সংঘটিত হয় ঘটনাটো

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত কৰুণ ঘটনা : পৃথক পৃথক দুৰ্ঘটনাত প্ৰাণ গ’ল দুগৰাকীৰ...

ওদালগুৰিত কৰুণ ঘটনা : পৃথক পৃথক দুৰ্ঘটনাত প্ৰাণ গ’ল দুগৰাকীৰ...

ডিজিটেল সংবাদ, ওদালগুৰি : বুধবাৰৰ দিনটোত ওদালগুৰি চহৰৰ নিকটৱৰ্তী দুটাকৈ পৃথক স্থানত সংঘটিত দুৰ্ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱায়। ঘটনাৰ প্ৰথম স্থান নলখামৰা গাঁও। পুৱা প্ৰায় ৫-৩০ বজাত সংঘটিত হয় ঘটনাটো। গাঁৱখনৰ শৈলেন্দ্ৰ নাথৰ পত্নী পূৰৱী নাথ নামৰ বোৱাৰীগৰাকীৰ ধান বনা মেচিনত সোমাই থিতাতে নিহত হয়। 

Advertisment

নিজৰ ঘৰৰে ধান বনোৱা মেচিনত কাম কৰি থকা অৱস্থাত মেচিনৰ ফিটাত প্ৰথমে মহিলাগৰাকীৰ কাপোৰ সোমাই যায় আৰু লগে লগে মহিলাগৰাকী মেচিনত সোমাই পৰে। ফলত মেচিনে মহিলাগৰাকীৰ ডিঙি ছেদ কৰাত মহিলাগৰাকীৰ মৃত্যু ঘটে। 

ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত্যুৰ সময়ত পুৰৱী নাথে নিজ স্বামীৰ লগতে এগৰাকীকৈ পুত্ৰ আৰু কন্যা সন্তানক এৰি থৈ যায়।

ইফালে আনটো ঘটনা সংঘটিত হয় ওদালগুৰি চহৰৰ নিকটৱৰ্তী ৰঙামাখা-খাংখালাবাৰী অঞ্চলত। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱাব লগা হয় এগৰাকী শ্ৰমিকে। ঠিকাদাৰৰ অধীনত কৰ্মৰত কেইবাজনো শ্ৰমিকে বুধবাৰে ওদালগুৰিৰ ৰঙামখা-খাংখালাবাৰীত বিদ্যুতৰ কাম কৰি আছিল। বিদ্যুৎ বিভাগে লাইন চাটডাউন (লাইন কাটা) দিয়া বুলি জনোৱাৰ পিছত নয়ন প্ৰসাদ ৰাভা(২৪) নামৰ যুৱকজনে লাইনৰ কাম কৰিবলৈ খুটাত উঠে। কিন্তু  বিদ্যুতৰ তাঁৰত হাত দিয়াৰ লগে লগে শ্ৰমিকজনৰ শৰীৰত বিদ্যুৎ প্ৰৱাহ হয়। 

ফলত ওখ খুটাটোৰ পৰা তললৈ পৰে আৰু মৃত্যুমুখত পৰে যুৱকজন। একেলগে কাম কৰি থকা বিদ্যুৎ শ্ৰমিক তথা ৰাইজৰ অভিযোগ মতে ওদালগুৰি বিদ্যুৎ বিভাগৰ বিদ্যুৎ সংযোগ বিচ্ছিন কৰাৰ নিশ্চয়তা দিয়া বুলি কোৱাৰ বাবেই শ্ৰমিকসকলে সেই স্থানত কাম কৰিবলৈ লৈছিল। আচলতে বিদ্যুৎ বিচ্ছিন্ন কৰাৰ তথ্য আছিল ভুল। বিভাগীয়ভাৱে খাউৰাং ফিদাৰৰ লাইনৰ সংযোগ বিচ্ছিন্ন কৰিব লাগিছিল যদিও ভুলক্ৰমে আন এটা অঞ্চলৰ বিদ্যুতহে বিচ্ছিন্ন কৰিছিল বিভাগটোৱে। 

বিদ্যুৎ বিভাগৰ এনে চূড়ান্ত গাফিলতিৰ বাবেই যুৱকজনে মৃত্যুক সাবতি ল’ব লগা হ'ল বুলি আন শ্ৰমিকসকলে অভিযোগ কৰে। জানিব পৰা মতে, শিক্ষিত যুৱকজনে সেনাবাহিনী আৰু আৰক্ষীত চাকৰিৰ বাবে অনুশীলন কৰাৰ লগতে ইতিমধ্যে পৰীক্ষাতো বহিছিল। তাৰ মাজতে এনেই নাথাকি ঘৰখনৰ পোহপালৰ বাৱেই ঠিকাদাৰৰ অধীনত বিদ্যুৎ শ্ৰমিক হিচাপে কাম কৰিছিল। 

যুৱকজনৰ মৃত্যুৰ খৱৰ পোৱাৰ পিছত ৰাইজে ভিৰ কৰে ওদালগুৰি অসামৰিক চিকিৎলালয়ত। ৰাইজে বিদ্যুৎ বিভাগৰ এনে ভয়ংকৰ গাফিলতিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰাৰ লগতে নিহতৰ পৰিয়ালবৰ্গলৈ উচিত ক্ষতিপূৰণৰ দাবী জনায়। উক্ত দুয়োটা ঘটনাৰ ফলত দুইগৰাকী লোকৰ নিহতৰ খবৰে স্বাভাৱিকতে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

udalguri