পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি !

চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) অমৃত মাহাতোৰ নেতৃত্বত চিৰাং আৰক্ষীৰ এটা দলে ৰুণীখাতা থানাৰ সীমামূৰীয়া কোকৰাঝাৰ জিলাৰ অন্তৰ্গত লুংচুং সংৰক্ষিত বনাঞ্চলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে অৰ্দ্ধগলিত মৃতদেহটো। 

author-image
Asomiya Pratidin
New Update
gggggg

ডিজিটেল সংবাদ, চিৰাংঃ পৰকীয়া প্ৰেমৰ বাবে  চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ খাটালপাৰা গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বিগত ১২ জুনৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ থকা বাসুগাঁও থানাৰ অন্তৰ্গত খাটালপাৰাৰ প্ৰয়াত কৃষ্টলাল সৰকাৰৰ পুত্ৰ ৰাজকুমাৰ সৰকাৰ (২৯) মৃতদেহ শনিবাৰে ২৪ দিনৰ পাছত উদ্ধাৰ হয়। চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) অমৃত মাহাতোৰ নেতৃত্বত চিৰাং আৰক্ষীৰ এটা দলে ৰুণীখাতা থানাৰ সীমামূৰীয়া কোকৰাঝাৰ জিলাৰ অন্তৰ্গত লুংচুং সংৰক্ষিত বনাঞ্চলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে অৰ্দ্ধগলিত মৃতদেহটো। 

Advertisment

উক্ত হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এক দম্পতীসহ মুঠ পাঁচ জনক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰাপ্ত খবৰ অনুসৰি, একমাত্ৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যাকাণ্ডৰ চিকাৰ হোৱা ৰাজকুমাৰ সৰকাৰ নামৰ যুৱকজনে খাটালপাৰা গাঁৱৰে অজয় মণ্ডল নামৰ আন এজন যুৱকৰ আদিবাসী সম্প্ৰদায়ৰ পত্নীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক ৰক্ষা আছিল।

ইয়াকে লৈ প্ৰেমিকাৰূপী মহিলা গৰাকীৰ স্বামী অজয় মণ্ডলৰ সৈতে প্ৰেমিক ৰাজকুমাৰ সৰকাৰৰ সৈতে কেইবা বাৰো মুকলিকৈ বাক-বিতণ্ডা হৈছিল। কিন্তু তাৰ পিছতো ৰাজকুমাৰ সৰকাৰে মহিলা গৰাকীক মোবাইল ফোন ক্ৰয় কৰি দি ফোনযোগে সম্পৰ্ক ৰক্ষা কৰি আছিল। এদিন মহিলা গৰাকীৰ স্বামী অজয় মণ্ডলে ৰাজকুমাৰ সৰকাৰক প্ৰাণে মৰাৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰিছি । ইয়াৰ পিছতো ৰাজকুমাৰ সৰকাৰে গোপনে মহিলা গৰাকীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছিল। 

এটা সময়ত অতিষ্ঠ হৈ স্বামী অজয় মণ্ডলে পত্নীক ৰুণীখাতাৰ মাকৰ ঘৰলৈ পঠিয়াই দিয়ে। পিছে, ১২ জুন তাৰিখে অজয় মণ্ডলে ষড়যন্ত্ৰ কৰি পত্নী মণিষা মণ্ডলৰ হতুৱাই ফোন কৰি ৰাজকুমাৰ সৰকাৰক ৰুণীখাতাত মাতি পঠিয়ায়। ফোন লাভ কৰি ৰাজকুমাৰ সৰকাৰে ১২ বিয়লি চাৰি বজাত নিজৰ এএচ ২৬ ডি ০৪৬৮ পঞ্জীয়ন গ্লেমাৰ মটৰচাইকেল লৈ ওলাই যায়। সিদিনা সন্ধিয়াৰ পৰাই ৰাজকুমাৰ সৰকাৰৰ মোবাইল ফোন বন্ধ হোৱাৰ উপৰি সন্ধানহীন হৈ পৰে । পিছত পৰিয়ালৰ লোকে কিছুদিন নিজাববীয়াকৈ অনুসন্ধান কৰে যদিও কনো ধৰণৰ শুংসূত্ৰ লাভ নকৰাত ২২ জুন তাৰিখে বাসুগাঁও আৰক্ষী থানাত এজাহাৰ কৰি পৰকীয়া প্ৰেমৰ কথা আৰক্ষীক অৱগত কৰে।

এজাহাৰৰ ভিত্তিত বাসুগাঁও থানাৰ আৰক্ষীয়ে সন্দেহজনক ভাৱে প্ৰথমে অজয় মণ্ডল আৰু তেওঁৰ পত্নীক আটক কৰি সোধ-পোছ আৰম্ভ কৰে। প্ৰথমে হত্যাকাণ্ড সংঘটিত কৰা দম্পতীয়ে আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল। কিন্তু চিৰাং আৰক্ষীৰ মাৰাথান জেৰাত দম্পতীয়ে স্বীকাৰ কৰে যে, ৰাজকুমাৰ সৰকাৰক লুংচুং বনাঞ্চলৰ দুৰ্গম অঞ্চলত মাতি নি ডেমদা মাৰ্ডি, মুচি হাছদা আৰু মেনুকী মাৰ্ডি নামৰ এগৰাকী মহিলা মিলি লোৰ ৰডেৰে মৰিয়াই  হত্যা কৰি মাটিৰ তলত পুতি ৰাখে আৰু মটৰচাইকেলখন এঘৰত লুকাই ৰাখি দিয়ে। 

শনিবাৰে হত্যাকাৰী কেইজনক লগত লৈ চিৰাং আৰক্ষী আৰু ফৰেনছিকৰ এটা দল বনাঞ্চলত পুতি থোৱা অৱস্থাত প্ৰেমিক ৰাজকুমাৰ সৰকাৰৰ অৰ্দ্ধ গলিত মৃতদেহ উদ্ধাৰ কৰে। চিৰাং আৰক্ষীয়ে অৰ্দ্ধ গলিত মৃতদেহ উদ্ধাৰ কৰাৰ কৰাৰ পিছত ফৰেনছিক নমুনা সংগ্ৰহ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰে। মৃতদেহ উদ্ধাৰ উদ্ধাৰ কৰাৰ পিছত হত্যাকাণ্ডৰ আঁৰত পৰকীয়া প্ৰেম সম্পৰ্ক আছিল বুলি চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) অমৃত মাহাতয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। 

ইপিনে নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা হত্যাকাণ্ডৰ চিকাৰ হোৱাৰ আশংকা কৰি থকা পৰিয়ালৰ লোকে মৃতদেহ উদ্ধাৰ কৰাৰ খবৰ লাভ কৰাৰ পিছত ৰাজকুমাৰ সৰকাৰৰ বাসগৃহত এক শোকাকুল পৰিবেশ সৃষ্টি হয়। স্থানীয় লোকে এই সমগ্ৰ ঘটনাক সঠিক তদন্ত কৰি হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰী কেইজনক আটক কৰি পৰবৰ্তী মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা চিৰাং আৰক্ষীৰ এই সৱল ভুমিকাৰ প্ৰশংসা কৰে আৰু ৰাজকুমাৰ সৰকাৰৰ হত্যাকাণ্ড সংঘটিত কৰা পাঁচ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

চিৰাং চিৰাং আৰক্ষী পৰকীয়া প্ৰেম